আমাক এৱাৰ্ড নালাগে, ভাল দৰমহা লাগে : বঙাইগাঁৱত চাফাই কৰ্মীৰ উত্তাল প্ৰতিবাদ - SANITATION WORKERS PROTEST

By ETV Bharat Assamese Team

Published : Aug 22, 2024, 10:24 PM IST

thumbnail
বঙাইগাঁৱত চাফাই কৰ্মীৰ উত্তাল প্ৰতিবাদ (ETV Bharat Assam)

বঙাইগাঁও, ২২ আগষ্ট : বঙাইগাঁও পৌৰসভাৰ কাৰ্যালয়ত বৃহস্পতিবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । শতাধিক পুৰুষ চাফাই কৰ্মীয়ে অৰ্ধ-উলংগ হৈ পৌৰসভাৰ কাৰ্যালয় ঘেৰাও কৰি বিভিন্ন শ্ল’গানেৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে ৷ কাৰ্যসূচীত একাংশ মহিলায়ো অংশগ্ৰহণ কৰে ৷ প্ৰতিবাদকাৰীসকলৰ দাবী যে তেওঁলোকৰ দৰমহা ৩০০০ টকাৰ পৰিৱৰ্তে ১০০০০ টকা কৰিব লাগে । তদুপৰি তেওঁলোকক উপযুক্ত বাসস্থান দিব লাগে আৰু চাকৰি নিয়মীয়া কৰিব লাগে ৷

উক্ত প্ৰতিবাদৰ ফলত বহুঘণ্টাৰ বাবে স্তব্ধ হৈ পৰে বঙাইগাঁও পৌৰসভাৰ কামকাজ ৷ পৌৰপতিৰ কোঠাৰ সন্মুখত বহিও ধৰ্ণা দিয়ে চাফাই কৰ্মীসকলে ৷ তেওঁলোকৰ দাবী চৰকাৰে মানি নল’লে ভয়াৱহ আন্দোলন কৰাৰ হুংকাৰ দিয়ে চাফাই কৰ্মীসকলে ।

চাফাই কৰ্মী ইউনিয়নৰ সভাপতি ভীম বাস্ফৰে কয়, ‘‘ আমি উপায়হীন হৈ বিধানসভাৰ অধিৱেশন চলি থকাৰ মাজতে অৰ্ধ-উলংগ হৈ প্ৰতিবাদ কৰিছো ৷ ৩০০০ টকাকৈ দৰমহা দিলে আমাৰ অৱস্থা কেতিয়াও ভাল নহ’ব ৷ ভাল ভাল কাম কৰিলেও এৱাৰ্ড জিলা আয়ুক্ত, চেয়াৰমেনে পায় ৷ আমাক এৱাৰ্ড নালাগে, কেৱল ভাল দৰমহা লাগে ৷’’

লগতে পঢ়ক : প্ৰাপ্য ধন বিচৰাৰ বাবেই গ্ৰাহকৰ আক্ৰমণৰ বলি ডেলীভাৰী বয়

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.