thumbnail

By ETV Bharat Assamese Team

Published : Jun 18, 2024, 5:12 PM IST

ETV Bharat / Videos

ভূমিস্খলনৰ ফলত বন্ধ হাফলং-শিলচৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ - Landslide in Dima Hasao

হাফলং, 18 জুন: ডিমা হাছাও জিলাত বিগত তিনিদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ বাবে জনজীৱন সম্পূৰ্ণ বিপৰ্যস্ত হৈ পৰে । নেৰানেপেৰা বৰষুণৰ বাবে জিলাখনৰ বিভিন্ন অঞ্চলত ভূমিস্খলন অব্যাহত আছে ৷ যাৰ বাবে হাফলং-শিলচৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ হাৰেংগাজাও আৰু বান্দৰখালত ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰে ।

বান্দৰখালত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত পাহাৰৰ পৰা বোকা, মাটি আৰু ডাঙৰ ডাঙৰ গছ খহি পৰাৰ ফলত ঘাইপথটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে । ইপিনে হাফলং-শিলচৰ 27 নম্বৰ ঘাইপথত ভূমিস্খলন হোৱাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এই ৰাষ্ট্ৰীয় ঘাইপথত যানবাহন চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে । ফলত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বহু যান-বাহন আবদ্ধ হৈ পৰে ।

উল্লেখ্য যে, 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো হৈছে শিলচৰ, হাফলং, লামডিং, নগাঁও আৰু গুৱাহাটী যোৱাৰ পথ । বৰ্তমান বান্দৰখাল আৰু হাৰেংগাজাওত ভূমিস্খলন ফলত এই পথছোৱা বন্ধ হৈ পৰাৰ বাবে প্ৰচণ্ড দুৰ্ভোগত পৰিছে বহু যাত্ৰীয়ে । অনহাতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো সুচল কৰি তোলাৰ চেষ্টা অব্যাহত ৰাখিছে যদিও বৰষুণৰ বাবে কাম কৰাৰ ক্ষেত্ৰত প্ৰচণ্ড বাধাৰ সন্মুখীন হৈছে ।

লগতে পঢ়ক: অনিৰ্দিষ্টকালৰ বাবে বন্ধ মেঘালয়-শিলচৰ-গুৱাহাটী সংযোগী বন্ধ : পাহাৰৰ পৰা খহি অহা মাটিয়ে পুতিলে চাৰিজনক - Landslide in Meghalaya

লগতে পঢ়ক: ৰেমলৰ তাণ্ডৱ: ডিমা হাছাওত গৃহহীন হৈছে শ শ লোক - Remal effect in Dima Hasao

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.