ধিংকাণ্ডৰ দোষীক তালিবানী শাস্তি প্ৰদানৰ দাবীত উত্তাল মহানগৰী - Dhing Rape Case

By ETV Bharat Assamese Team

Published : Aug 24, 2024, 5:07 PM IST

thumbnail
ধৰ্ষণকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ (ETV Bharat Assam)

গুৱাহাটী, ২৪ আগষ্ট : ধিঙত সংঘটিত ধৰ্ষণকাণ্ডক লৈ উত্তাল গুৱাহাটী মহানগৰী । শনিবাৰে মহানগৰীৰ জয়ানগৰস্থিত চ্য়ুকাফা ভৱনৰ সম্মুখত ধৰ্ষণকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ জনায় টাই আহোম যুৱ পৰিষদ, টাই আহোম মহিলা পৰিষদ আৰু বীৰ লাচিত সেনা, অসমে । প্ৰতিবাদকাৰীসকলে পলাই থকা দুই দোষীক কৰায়ত্ত কৰি উচিত শাস্তি দিয়াৰ দাবী জনায় ।

প্ৰতিবাদকাৰীসকলে 'হয় গুলীয়াই মাৰক, নহ'লে পগলা কুকুৰক টাঙোন মাৰি মৰাৰ দৰে মাৰক', 'দোষীক তালিবানী শাস্তি প্ৰদান কৰক' আদি শ্ল’গান দিয়ে । ইপিনে, একাংশ প্ৰতিবাদকাৰী মহিলাই অভিযোগ কৰি কয়, "তহলদাৰী আৰক্ষী নাথাকে ৰাজপথত । সেইবাবে মহিলাসকলে সন্ধিয়াৰ পিচত ওলাবলৈ তথা প্ৰাতঃভ্ৰমণলৈ আহিব ভয় কৰে ।" পুনৰ যাতে এনেধৰণৰ ঘটনা সংঘটিত নহয় তাৰ কাৰণে চৰকাৰ প্ৰশাসনক কঠোৰ ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

আনহাতে, এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলক সংগঠনকেইটাৰ নেতৃত্বই সকীয়াই দি কয়, "আজমল অসমৰ অভিভাৱক নহয় । ফাঁচি দিলে ন্যায় পাওঁতে কিয় দীঘলীয়া সময় ল'ব ? সেই সুৰুঙাৰে মুকলি আকাশৰ তললৈ ওলাই আহিব অপৰাধী ।" প্ৰতিবাদকাৰীসকলে লগতে অসমত থিতাপি লোৱা অবৈধ মিঞাসকলৰ বিৰুদ্ধে অভিযান চলাবলৈও চৰকাৰক দাবী জনায় ।

লগতে পঢ়ক:নাবালিকা ধৰ্ষণৰ ঘটনাক লৈ উত্তাল ধিং: শীঘ্ৰে ঘটনাস্থলী পৰিদৰ্শন কৰি ব্যৱস্থা ল’বলৈ ডিজিপিক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ - Dhing rape case

ধৰ্ষণৰ অপচেষ্টা কৰা মাতাব আলীক ফাঁচিৰ দাবীত উত্তাল লখিমপুৰ - Attempt to Rape in Lakhimpur

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.