ধলাই বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত স্থানীয় কংগ্ৰেছ নেতাক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী তৃণমূলৰ - Assam byelections 2024

By ETV Bharat Assamese Team

Published : Aug 26, 2024, 4:29 PM IST

thumbnail
ধলাই বিধানসভা সমষ্টি (ETV Bharat Assam)

শিলচৰ, ২৬আগষ্ট : শীঘ্ৰেই ৰাজ্যত পাঁচটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন । নিৰ্বাচন আয়োগে দিন ঘোষণা কৰা নাই যদিও উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি পাঁচখন আসনতে তৎপৰ হৈছে প্ৰতিটো ৰাজনৈতিক দল । এই পাঁচখন আসনৰ অন্য়তম হৈছে কাছাৰৰ ধলাই বিধানসভা সমষ্টি । এইবাৰ উক্ত সমষ্টিটোত কংগ্ৰেছৰ সমৰ্থকসকলে এগৰাকী স্থানীয় নেতাক প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ শীৰ্ষ নেতৃত্বক আহ্বান জনাইছে ।

এই সমষ্টিটোত শাসক-বিৰোধী দলৰ টিকট প্রত্যাশীসকলে ইতিমধ্যে আৰম্ভ কৰিছে নিজৰ শক্তি প্রদর্শন । বিশেষকৈ বিজেপিৰ শক্তিশালী ঘাটি হিচাপে পৰিচিত ধলাই সমষ্টিত বিজেপিৰ সমান্তৰালকৈ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব বিচাৰি প্ৰচাৰ চলাইছে কেইবাজনো নেতাই । ধলাইৰ কংগ্ৰেছৰ প্রভাবশালী যুৱনেতা অনুপ ৰয়ৰ প্ৰাৰ্থিত্ব প্ৰদানৰ দাবীত ধলাইত আৰম্ভ হৈছে জনসভা ।

ধলাই বিধানসভা যুব কংগ্ৰেছ কমিটীয়ে আয়োজন কৰা এখন সভাত অনুপ ৰয়ক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী জনাইছে । বিজেপিৰ শক্তিশালী ঘাটি হিচাপে পৰিচিত ধলাই সমষ্টি পুনৰুদ্ধাৰ কৰিবলৈ অনুপ ৰয়ক প্ৰাৰ্থিত্ব কৰিবলৈ ৰাইজে দাবী জনাইছে ।

লগতে পঢ়ক:পাঁচটা সমষ্টিৰ উপনিৰ্বাচন : চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ, ৯১০১২৬ গৰাকী ভোটাৰ - Assam bye elections

উপ-নিৰ্বাচনৰ প্ৰস্তুতি নিৰ্বাচন আয়োগৰ : চামগুৰিত কি হ’ব কংগ্ৰেছ-বিজেপিৰ অংক ? - Assam byelections 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.