ভূৰাগাঁৱত বান পৰিস্থিতি পৰিদৰ্শন ৰাজ্যপাল কাটাৰীয়াৰ - Assam Flood 2024

By ETV Bharat Assamese Team

Published : Jul 4, 2024, 6:46 PM IST

thumbnail
ভূৰাগাঁৱত বান পৰিস্থিতি পৰিদৰ্শন ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়াৰ (ETV BHARAT ASSAM)

ধিং, 4 জুলাই : মৰিগাঁৱৰ ভূৰাগাঁৱত বান পৰিস্থিতি পৰিদৰ্শন ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ ৷ ভূৰাগাঁৱৰ বৰডোৱাটুপৰ বানাক্ৰান্ত ৰাইজৰ পৰিস্থিতিৰ বুজ লয় ৰাজ্যপালগৰাকীয়ে ৷ বান পৰিস্থিতি পৰিদৰ্শন কৰি বন্যাৰ্তক উপযুক্ত ক্ষতিপূৰণ আৰু সাহাৰ্যৰ আশ্বাস কাটাৰীয়াৰ ৷

উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি হোৱা মূষলধাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে প্ৰলয়ৰ সূচনা কৰা ভুৰাগাঁৱত আজি ৰাজ্যপালগৰাকী উপস্থিত হৈ মথাউৰিৰ ওপৰতে বানাক্ৰান্ত ৰাইজৰ সৈতে মত বিনিময় কৰে ৷ ৰাজ্যপালগৰাকীয়ে ভূৰাগাঁৱৰ বান শিবিৰত স্বাস্থ্য সেৱা প্ৰদান কৰা স্বাস্থ্যকৰ্মীৰ লগতো মত বিনিময় কৰে ৷ এই দুৰ্যোগৰ সময়ত ৰাইজে অতি ওচৰৰ পৰাই ৰাজ্যপালগৰাকীক পাই তেওঁলোকৰ বিভিন্ন অভাৱ-অভিযোগৰ কথা অৱগত কৰে ৷ ৰাজ্যপালগৰাকীয়ে বানাক্ৰান্ত ৰাইজৰ সকলো সমস্যাৰ কথা মুখ্যমন্ত্ৰীক অৱগত কৰি শীঘ্ৰেই ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি ৰাইজক আশ্বাস দিয়ে ৷

লগতে পঢ়ক : কেশৱ মহন্তৰ লগত যি হ’ল, সেয়া মাথো আৰম্ভণিহে : ভূপেন বৰা - Assam Flood 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.