এইবাৰ জিলা কৃষি বিষয়া কাৰ্যালয়ৰ গাণনিক বিষয়াই দাঙিলে হাত - Jorhat District Agricultural Office - JORHAT DISTRICT AGRICULTURAL OFFICE
🎬 Watch Now: Feature Video


Published : Apr 2, 2024, 5:04 PM IST
|Updated : Apr 2, 2024, 7:11 PM IST
যোৰহাট, ২ এপ্ৰিল: এইবাৰ হাত দাঙিলে যোৰহাট জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত এগৰাকী চৰকাৰী বিষয়াই । যোৰহাট জিলাৰ কৃষি বিষয়া কাৰ্যালয়ত গাণনিক বিষয়া হিচাপে কৰ্মৰত ৰাণী বৰা নামৰ এগৰাকী বিষয়াই এখন বিল অনুমোদন কৰি দিয়া নামত তেওঁৰেই এগৰাকী সহকৰ্মীৰ পৰা ছয় হাজাৰ টকা উৎকোচ লোৱা সময়ত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই হাতে-লোটে কৰায়ত্ত কৰে ৷ বৰ্তমান দুৰ্নীতি নিবাৰক আৰু তদাৰকাৰী শাখাই তেওঁক কাৰ্যালয়ত ৰাখি সোধাপোচা অব্যাহত ৰাখিছে ।
গাণনিক বিষয়াগৰাকীয়ে পূৰ্বতেও উৎকোচ লোৱা ঘটনাৰ লগত জড়িত আছে নেকি সেই সম্পৰ্কেও সোধা-পোছা অব্যাহত ৰাখিছে বুলি বিভাগীয় সূত্ৰই প্ৰকাশ কৰিছে । উল্লেখ্য যে, এমাহ পূৰ্বে যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ কোষাগাৰত কৰ্মৰত এগৰাকী মহিলা কৰ্মচাৰীয়ে এজন ব্যক্তিৰ পৰা উৎকোচ লৈ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ হাতত আটক হৈছিল ।
লগতে পঢ়ক: যোৰহাটত কোষাগাৰ কাৰ্যালয়ত ঘোচখোৰ গাণনিক বিষয়াক আটক