আজি মৰাণ জনগোষ্ঠীৰ পৰম্পৰাগত গৰু বিহু - Rongali bihu 2024 - RONGALI BIHU 2024
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/17-04-2024/640-480-21244083-thumbnail-16x9-bvjh.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Apr 17, 2024, 10:55 AM IST
তিনিচুকীয়া, 17 এপ্ৰিল: বুধবাৰে অসমৰ অন্যতম আদিম জনগোষ্ঠী মৰাণ জনগোষ্ঠীয়ে পৰম্পৰাগতভাবে পালন কৰে গৰু বিহু ৷ গৰু বিহু উপলক্ষে উপলক্ষে আজি পুৱাই তিনিচুকীয়া চহৰৰ মাজমজিয়াৰ থানা চাৰিআলিত চহৰখনত বসবাস কৰা মৰাণ জনগোষ্ঠীৰ লোকসকল একগোট হয় আৰু পৰম্পৰাগত ৰীতিৰে পালন কৰে গৰু বিহু ৷
পৰম্পৰা অনুসৰি দীঘলতি, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খুৱাই গৰুৰ দীৰ্ঘায়ু আৰু ন-শক্তি কামনা কৰে সকলোৱে । পৰম্পৰাগতভাৱে গৰুক গা ধুৱাই নতুন পঘা পিন্ধোৱাৰ লগতে পৰম্পৰাগত কণী যুঁজ খেলা আৰু মৰাণ বিহু নাচি সকলোৱে আনন্দ উল্লাস কৰে ৷
স্মৰ্তব্য যে, মৰাণ জনগোষ্ঠীয়ে প্ৰতি বছৰে ব’হাগৰ প্ৰথমটো মংগলবাৰে উৰুকা আৰু বুধবাৰে গৰু বিহু হিচাপে পালন কৰি আহিছে ৷ কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে মৰাণ জনগোষ্ঠীয়ে পালন কৰিব মানুহ বিহু ৷
লগতে পঢ়ক: বঢ়মপুৰৰ অসম উৎসৱত কঁকাল ভাঙি নাচিলে পাঁচ শতাধিক নাচনীয়ে - Bihu Dance