ছাত্ৰ অপহৰণ-হত্যাকাণ্ডৰ তদন্তৰ দাবীত গোৰ্খা ছাত্ৰ সন্থাৰ পথ অৱৰোধ - AAGSU Protest Against Murder

By ETV Bharat Assamese Team

Published : Aug 9, 2024, 4:19 PM IST

thumbnail
সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ পথ অৱৰোধ (ETV Bharat Assam)

তিনিচুকীয়া, ৯ আগষ্ট: তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সংযোগী পথ অৱৰোধ কৰি শুক্ৰবাৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । শদিয়াৰ ১২ বছৰীয়া ছাত্ৰ ৰোহিত বাহাদুৰ ছেত্ৰীক অপহৰণ কৰি হত্যা কৰা ঘটনাৰ ন্যায়ৰ দাবীত আজি গোৰ্খা ছাত্ৰ সন্থাই প্ৰতিবাদ জনায় । উল্লেখ্য় যে অৰুণাচলী দুৰ্বৃত্তই যোৱা ২২ জুলাইত ৰোহিত বাহাদুৰ ছেত্ৰীক বিদ্যালয়ৰ পৰা ঘৰলৈ গৈ থকাৰ সময়তেই অপহৰণ কৰি হত্যা কৰিছিল ।  

দুৰ্বৃত্তই অপহৰণ কৰি ৰোহিতৰ মুক্তিপণ হিচাপে ১৫ লাখ টকা দাবী কৰিছিল । অপহৰণ তথা ছাত্ৰ হত্যাকাৰী দুটাক অৰুণাচল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আৰম্ভ কৰে তদন্ত । ছাত্ৰ সংগঠনটোৱে আজি প্ৰতিবাদৰ জৰিয়তে উক্ত হত্যাকাণ্ডৰ তদন্ত ফাষ্টট্ৰেক আদালতত কৰি হত্যাকাৰীক ফাঁচী দিয়াৰ দাবী উত্থাপন কৰে । প্ৰতিবাদকাৰীসকলে লগতে ৰোহিত বাহাদুৰ ছেত্ৰীৰ দৰিদ্ৰ তথা দুৰ্ভগীয়া পৰিয়ালটোক ক্ষতিপূৰণ দিয়াৰ দাবী জনাই প্ৰতিবাদৰ জৰিয়তে ।

লগতে পঢ়ক:শদিয়াৰ অপহৃত কিশোৰৰ মৃতদেহ অৰুণাচলত উদ্ধাৰ, অপহৰণকাৰীয়ে হত্য়া কৰি দাবী কৰিছিল মুক্তিপণ - Assam Boy Kidnapped In Arunachal

শদিয়াৰ কিশোৰক অৰুণাচলত অপহৰণ কৰি ২৫ লাখ টকা দাবী - Assam Boy kidnapped in Arunachal

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.