চুৰি হোৱা মোবাইল গৰাকীক হস্তান্তৰ আৰক্ষীৰ - 78th Independence Day

By ETV Bharat Assamese Team

Published : Aug 15, 2024, 7:30 PM IST

thumbnail
চুৰি হোৱা মোবাইল গৰাকীক হস্তান্তৰ আৰক্ষীৰ (ETV Bharat)

গোৱালপাৰা,১৫ আগষ্ট : আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্বাধীনতা দিৱসৰ কাৰ্যসূচী পালন কৰা হৈছে । তাৰ মাজতে গোৱালপাৰা আৰক্ষীৰ ব্যতিক্ৰমী পদক্ষেপ । চুৰি হোৱা মোবাইল উদ্ধাৰ কৰি আৰক্ষীয়ে গৰাকীক হস্তান্তৰ কৰে । শেহতীয়াকৈ গোৱালপাৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ চুৰি মোবাইল উদ্ধাৰ কৰিছিল । স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি গোৱালপাৰা আৰক্ষীয়ে সেই চুৰি হোৱা মোবাইলবোৰ গৰাকীৰ মাজত বিতৰণ কৰে ।

আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ নেতৃত্বত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় । জিলাখনৰ বিভিন্ন থানাৰ অন্তৰ্গত এলেকাত চুৰি হোৱা মোবাইলসমূহ আৰক্ষীয়ে উদ্ধাৰ কৰিছিল । আৰক্ষীয়ে বিগত ২ মাহত ১১০ টাতকৈও অধিক মোবাইল উদ্ধাৰ কৰে । বৃহস্পতিবাৰে গৰাকীসকলক মাতি আনি প্ৰয়োজনীয় নথি-পত্ৰ পৰীক্ষা কৰি গোৱালপাৰা আৰক্ষী ছাউনীত মোবাইলসমূহ হস্তান্তৰ কৰা হয় । ইফালে চুৰি হোৱা মোবাইল ঘূৰাই পাই আনন্দিত মোবাইলৰ গৰাকীসকল ।

লগতে পঢ়ক :লখিমপুৰৰ দুটা স্থানত উদ্ধাৰ সন্দেহজনক বোমা - ULFA I bomb plans

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.