thumbnail

By ETV Bharat Assamese Team

Published : Mar 26, 2024, 3:32 PM IST

ETV Bharat / Videos

দুই কিলোমিটাৰ পদযাত্ৰাৰে বিশাল সমৰ্থকক লৈ মনোনয়ন দাখিল গৌৰৱ গগৈৰ - gaurav gogoi files nomination

যোৰহাট, ২৬ মাৰ্চ: আজি পুৱা যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে বিশাল সমদলেৰে দাখিল কৰে মনোনয়ন পত্ৰ ৷ ১৪ নং লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে জিলা আয়ুক্ত কাৰ্যালয়ত ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে । গৌৰৱ গগৈয়ে দুই কিলোমিটাৰ পদযাত্ৰাৰে বিশাল সমৰ্থক আৰু শুভাকাংক্ষীক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰি কয়,"এয়া মোৰ ব্যক্তিগত মনোনয়ন নহয়, এয়া অসমবাসীৰ মনোনয়ন । " শেষত অসমীয়াৰ স্বাভিমানৰেই জয় হ'ব বুলি কয় গৌৰৱ গগৈয়ে ।

প্ৰাৰ্থী গৌৰৱ গগৈয়ে পুনৰ কয়,"এয়া অসমবাসীৰ মনোনয়ন পত্ৰ , এয়া মোৰ ব্যক্তিগত মনোনয়ন পত্ৰ নহয় । এয়া হৈছে অসমবাসীৰ ৰাইজৰ মনোনয়ন পত্ৰ । এয়া আশাকৰ্মী,অংগনৱাড়ী, চাহ শ্ৰমিক ,নিৱনুৱাসকলৰ মনোনয়ন পত্ৰ । শেষত গৈ অসমৰ স্বাভিমানৰ জয় হ'ব । লগতে বৰাক-ব্ৰহ্মপুত্ৰ ,উজনি-নামনি আদিৰ বিভিন্ন ধৰ্মাৱলম্বী লোকৰ জয়ী হ'ব । "  

তেওঁ কয় যে বাহিৰত যিমান মৰম প্ৰদান কৰিছে ভিতৰতো মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়টো সেই একেই মৰমৰ । আজি মনোনয়ন পত্ৰ দাখিলৰ সময়ত গৌৰৱ গগৈক সংগ দিয়ে বিধায়ক ভাস্কৰ বৰুৱা, ৰেকিবুদ্দিন আহমেদ,জাকিৰ হুছেইন শিকদাৰ,দেব্ৰৱত শইকীয়া আদিয়ে ।

লগতে পঢ়ক:কংগ্ৰেছৰ কোনে, ক’ত, কেতিয়া দিব মনোনয়ন ? - Lok Sabha Elections

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.