thumbnail

By ETV Bharat Assamese Team

Published : Aug 26, 2024, 9:10 PM IST

ETV Bharat / Videos

আমি এইখন চৰকাৰৰ ভাবুকিৰ পৰা ভয় নাখাওঁ : গৌৰৱ গগৈ - MP Gaurav Gogoi

টীয়ক, ২৬ আগষ্ট: টীয়কত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ । সাংসদগৰাকী টীয়ক নগৰত উপস্থিত হৈ টীয়কৰ ব্যৱসায়ীসকলৰ লগত এক বাৰ্তালাপত মিলিত হয় । ২০১৪ চনৰ পৰা চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নামত টীয়কৰ ব্যৱসায়ীসকলে ভুগি থকা বিভিন্ন সমস্যা সাংসদগৰাকীৰ ওচৰত ব্যক্ত কৰাৰ লগতে সকলোবোৰ সমস্যা সামৰি টীয়ক ব্যৱসায়ী সন্থা, টীয়কৰ নাগৰিকসকলে একোখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰে সাংসদগৰাকীক ।

ইপিনে সাংসদগৰাকীয়েও প্ৰতিটো সমস্যা অনুধাৱন কৰি এই ক্ষেত্ৰত কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰীৰ সৈতে আলোচনা কৰাৰ আশ্বাস প্ৰদান কৰি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিসংগতিপূৰ্ণ সকলো কাম-কাজৰ এক উচিত তদন্ত হোৱাটো কামনা কৰে । উক্ত কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ সম্পাদিকা পল্লবী গগৈ, জিলা কংগ্ৰেছৰ সভাপতিকে প্ৰমুখ্য কৰি ব্লক তথা জিলা পৰ্যায়ৰ ভালেসংখ্যক বিষয়-ববীয়া উপস্থিত থাকে ।

ইপিনে টীয়কৰ বৰা বজাৰত আয়োজিত সভাস্থলীত উপস্থিত হৈ শ্ৰীকৃষ্ণ জন্মাষ্টমী উপলক্ষে বৰা বজাৰৰ মন্দিৰত বন্তি জ্বলাই সেৱা লয় । ইপিনে সাংবাদিকৰ সৈতে হোৱা কথোপকথনত বৰ্তমান বহু চৰ্চিত বিষয় স্মাৰ্ট মিটাৰ আৰু বিভিন্ন দল-সংগঠনৰ বাক স্বাধীনতা দমন কৰিবলৈ লোৱা বিজেপি চৰকাৰৰ নীতিক তীব্ৰ ভাষাৰে সমালোচনা কৰে ।

লগতে পঢ়ক: ডাঙৰ মাছ বিজেপিয়ে গ্ৰাস কৰাৰ শংকাত বড়ো জাতীয়তাবাদ : নতুন ৰাজনীতিৰ উকমুকনি - BTR politics

চৰকাৰে সৃষ্টি কৰিছে বিভাজনমুখী ৰাজনীতি : গৌৰৱ গগৈ - MP Gaurav Gogoi

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.