ধেমাজিত বন্যহস্তীয়ে নিদ্ৰা হৰিছে ৰাইজৰ - Man Elephant Conflict - MAN ELEPHANT CONFLICT
🎬 Watch Now: Feature Video


Published : May 15, 2024, 2:27 PM IST
ধেমাজি, ১৫ মে’: ৰাজ্য়ত অব্য়াহত হাতী মানুহৰ সংঘাত । ইয়াৰ মাজতেই ধেমাজি জিলাৰ মাছখোৱা য়োৰকটা পথাৰত মঙলবাৰে এটা বন্যহস্তীয়ে আতংক সৃষ্টি কৰাৰ পিছত বুধবাৰে পুনৰ ধেমাজি আৰু বৰদলনি মাজৰ কুমতীয়া নৈৰ ৰতুৱাত বন্যহস্তীটোৱে বিচৰণ কৰাত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে । স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি এই হাতীটো পুৱা একাংশ লোকে প্ৰত্য়ক্ষ কৰাৰ পিচতেই গঞা আতংকিত হয় ৷
কালি হঠাতে প্ৰকাণ্ড হাতীটোৱে জনাঞ্চলত প্ৰৱেশ কৰাত ৰাইজৰ মাজত হুৱা-দুৱা লাগে ৷ খাদ্যৰ সন্ধানতে জাকৰ পৰা বিচ্ছিন্ন হৈ জনাঞ্চলত হাতীটোৱে প্ৰৱেশ কৰে । আজি পুনৰ জনাঞ্চলত প্ৰৱেশ কৰাত ৰাইজ চিন্তিত হৈ পৰিছে । কালিৰে পৰা আজিলৈকে এই হাতীটোক বন বিভাগে নিৰ্দিষ্ট ঠাইলৈ খেদি পঠোৱাৰ ব্যৱস্থা নকৰাত ৰাইজে বিভাগটোৰ বিষয়া-কৰ্মীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে । ৰাইজে শীঘ্ৰেই হাতীটো বনাঞ্চললৈ খেদি পঠিয়াবলৈ দাবী জনাইছে ।