এশিঙীয়া গঁড়ৰ মুক্ত বিচৰণে আতংকৰ সৃষ্টি কৰিছে টীয়কৰ এজাগুৰীত - Free roaming of rhino

By ETV Bharat Assamese Team

Published : Aug 3, 2024, 2:26 PM IST

thumbnail
এশিঙীয়া গঁড়ৰ মুক্ত বিচৰণ (ETV Bharat Assam)

টীয়ক, ৩ আগষ্ট : বানে তাণ্ডৱৰ সৃষ্টি কৰাৰ সময়ৰে পৰা নিৰাপদ স্থানৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিছে বন্য জীৱ-জন্তু । কেতিয়াবা যদি বাঘৰ মুক্ত বিচৰণ আন কেতিয়াবা আকৌ বন্যহস্তীৰ । এইবাৰ টীয়কত এটা গঁড়ৰ মুক্ত বিচৰণ । টীয়কৰ এজাগুৰিত এটা গঁড়ে বিচৰণ কৰাক লৈ শংকিত হৈ পৰিছে । টীয়কৰ জাঁজী নৈ পৰীয়া এজাৰগুৰি সোণাৰীআটী অঞ্চলত শুকুৰবাৰে পুৱা এটা এশিঙীয়া গঁড়ৰ মুক্ত বিচৰণে আতংকৰ সৃষ্টি কৰিছে ।  

বন বিভাগৰ লোক তথা প্ৰশাসনক খবৰ দিয়াৰ পাচতো এই পৰ্যন্ত কোনো উপস্থিত হোৱা নাই উক্ত অঞ্চলত । যাৰ ফলত খেতি পথাৰত কঠিয়া ৰুবলৈ, গৰু ম'হ মুকলি কৰিবলৈ ৰাইজ অসুবিধাত পৰিছে । ইপিনে দ' পথাৰত পানীৰ মাজত গঁড়টো বিচৰণ কৰি আছে যদিও পথাৰৰ চাৰিওফালে আৱাসিক অঞ্চল থকাৰ বাবে এতিয়া দিশহাৰা হৈ পৰিছে ।

লগতে পঢ়ক: কাজিৰঙাত মাকৰ পৰা বিচ্ছিন্ন হোৱা গঁড়ৰ পোৱালি উদ্ধাৰ - Assam Flood 2024

কাজিৰঙাৰ পদপথত শান্ত সমাহিত দুটা এশিঙীয়া; স্বচক্ষে প্ৰত্যক্ষ কৰি আনন্দিত বহিঃৰাজ্যৰ পৰ্যটক - Tourist In Kaziranga

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.