কাজিৰঙা এক্সপ্ৰেছত আনিছিল সোণৰ বিস্কুট, চাৰিজনক কৰায়ত্ত আৰক্ষীৰ - Gold Smuggling

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 2:00 PM IST

thumbnail
নিউ বঙাইগাঁও ৰে'ল ষ্টেচন (ETV BHARAT ASSAM)

বঙাইগাঁও, ২৬ জুন: নিউ বঙাইগাঁও ৰে'ল ষ্টেচনত আৰক্ষীয়ে অভিযান চলাই কাজিৰঙা এক্সপ্ৰেছত জব্দ কৰে অবৈধভাৱে সৰবৰাহ কৰা ১৮ খনকৈ সোণৰ বিস্কুট । লগতে ৰে'ল আৰক্ষীয়ে আটক কৰে ৪ টা সোণ সৰবৰাহকাৰীক । এই সোণ সৰবৰাহকাৰী কেইটাৰ পৰা বিদেশী মুদ্ৰাও জব্দ কৰে ৰে'ল আৰক্ষীয়ে । আৰক্ষীয়ে জব্দ কৰা সোণখিনিৰ ওজন প্ৰায় ৩৬০ গ্ৰাম । এই সোণখিনিৰ বজাৰ মূল্য ২৫ লক্ষাধিক টকা ।

সৰবৰাহকাৰীয়ে ভূটানৰ পৰা দক্ষিণ ভাৰতলৈকে নি থকাৰ সময়তে নিউ বঙাইগাঁও ৰে'ল ষ্টেচনত জব্দ কৰা হয় এই সোণখিনি । সোণসহ আটক হোৱা সৰবৰাহকাৰী কেইটা হৈছে ক্ৰমে আব্দুল ৰহমান, মধু কুমাৰ, ৰাজকুমাৰ, কলীয়াপেৰুমল আৰু প্ৰাগদিশ্বৰণ পিভিআৰ । ইতিমধ্যে অসম ৰে'ল আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.