বহিৰাগতৰ অত্যাচাৰ-উৎপীড়ন নচলিব : সকীয়াই দিলে প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিয়ে - Sonapur Eviction incident

By ETV Bharat Assamese Team

Published : Sep 13, 2024, 10:51 PM IST

thumbnail
প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ সংবাদমেল (ETV Bharat Assam)

বৰপেটা,১৩ ছেপ্টেম্বৰ: সোণাপুৰৰ কচুতলীৰ ট্ৰাইবেল ব্লক আৰু বেল্টৰ ভূমি বেদখলমুক্ত কৰিবলৈ যোৱা আৰক্ষীক আক্ৰমণৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিয়ে । শুকুৰবাৰে বৰপেটা প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি জনজাতীয় লোকে বসতি কৰিব পৰা ট্ৰাইবেল বেল্টৰ ভূমি সন্দেহজনক লোকৰ পৰা উদ্ধাৰ কৰিবলৈ যোৱা আৰক্ষীৰ ওপৰত আক্ৰমণৰ ঘটনাক গৰিহণা দিয়ে সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিয়ে । যিকোনো মূল্যৰ বিনিময়ত বেদখলকাৰীৰ ভূমি উদ্ধাৰ আৰু অসমত অসমীয়াৰ অধিকাৰ সুৰক্ষিতৰ দাবী উত্থাপন কৰে সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিয়ে ।  

জাতিটোক নিঃশেষ কৰাৰ বাবে পূৰ্ববংগীয়মূলীয় মুছলমান বা বহিৰাগতক অত্যাচাৰ উৎপীড়ন চলাবলৈ দিয়া নহ'ব বুলি উল্লেখ কৰি অকল সোণাপুৰতে নহয়, ধুবুৰীৰ নয়াহাটত সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিক কৃষিৰ বাবে আৱন্টন দিয়া ৩৫৪ বিঘা মাটিৰ পৰা প্ৰাক্তন আলফা কেডাৰসকলক খেদি পঠোৱাৰ কথা সদৰী কৰে । ধুবুৰীৰ নয়াহাটত পূৰ্ববংগীয় মুলৰ হাজাৰ হাজাৰ লোকে খেতি কৰিবলৈ যোৱা প্ৰাক্তন আলফা কেডাৰক খেদি পঠোৱাৰ কথা সংবাদমেলত সদৰী কৰে সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিয়ে । সংবাদমেলখনত সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক ধ্ৰুৱজ্যোতি কলিতাৰ লগতে বৰপেটা জিলাৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে । 

লগতে পঢ়ক: সোণাপুৰকাণ্ড : জি এম চি এইচত ভৰ্তি ১১, এজনৰ অৱস্থা সংকটজনক - Sonapur eviction incident

সোণাপুৰৰ ট্ৰাইবেল বেল্টৰ সোণ যেন ভূমি বেদখলৰ আঁৰৰ কাহিনী - Sonapur Eviction incident

সোণাপুৰৰ গুলীচালনা: কংগ্ৰেছৰ উচটনিতেই অনাকাংক্ষিত ঘটনা সংঘটিত হোৱাৰ দাবী মুখ্যমন্ত্ৰীৰ - Sonapur firing incident

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.