বিদেশী মুছলমানক পুনৰ ভাৰতৰ নাগৰিকত্ব প্ৰদানৰ লেখীয়া হ'ল: শিলাদিত্য দেৱ - FORMER MLA SHILADITYA DEV
🎬 Watch Now: Feature Video


Published : Oct 18, 2024, 9:17 PM IST
বৰপেটা: ১৯৭১ চনৰ ২৫ মাৰ্চেই হ’ব অসমৰ নাগৰিকত্বৰ ভিত্তিবৰ্ষ । ১৯৭১ ৰ ২৫ মাৰ্চৰ পাছত অসমত প্ৰৱেশ কৰা প্ৰব্ৰজনকাৰীসকলক বিদেশী আখ্যা উচ্চতম ন্যায়লয়ৰ । উচ্চতম ন্যায়ালয়ৰ এই ঐতিহাসিক ৰায়দানৰ পিছতে প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰাক্তন বিধায়ক তথা বিজেপি নেতা শিলাদিত্য দেৱে । বৰপেটাৰ হাউলীত শুকুৰবাৰে হোজাইৰ প্ৰাক্তন বিধায়কগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,"ধৰ্মৰ ভিত্তিত দেশ স্বাধীন হোৱাৰ পিছত মুছলমানসকলে পাকিস্তান আৰু বাংলাদেশ নামৰ দুখন ৰাষ্ট্ৰ লৈ ললে । ইয়াৰ বিপৰীতে অসমত নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৭১ কৰাৰ পিছত বিদেশী মুছলমানক পুনৰ ভাৰতৰ নাগৰিকত্বৰ প্ৰদানৰ লেখীয়া হ'ল ।"
ইপিনে এ আই ইউ ডি এফে উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পিছতে কেক কাটি আনন্দ প্ৰকাশ কৰা কথাই তেওঁলোক যে পূব পাকিস্তানৰ পৰা অসমলৈ আহিছিল সেই কথা প্ৰমাণ হৈ গ'ল বুলি উল্লেখ কৰে শিলাদিত্য দেৱে । তেওঁ কয়," '৪৬ত ধৰ্মৰ ভিত্তিত দেশ বিভাজনৰ পিছত দুখনকৈ দেশ লৈ ললে যদিও তেওঁলোক নেহৰু-লিয়াকৎ চুক্তিৰ সুবিধা লৈ পুনৰ ভাৰতলৈ উভতি অহাতে প্ৰমাণ হৈ গ'ল । আনকি এ আই ইউ ডি এফে কেক কাটি উৎসৱ পালনৰ জৰিয়তে ১৯৭১ চনলৈকে যে বাংলাদেশী মুছলমানসকল ভাৰতলৈ অনুপ্রৱেশ কৰিছিল সেইটো প্ৰমাণ হৈ গ'ল ।"