ভেণ্ডিং জ’নৰ ব্যৱস্থা নকৰালৈকে উচ্ছেদ বন্ধ ৰখাৰ দাবী পদপথ ব্যৱসায়ী সংস্থাৰ - Street vendors in Guwahati

By ETV Bharat Assamese Team

Published : Jul 1, 2024, 7:03 PM IST

thumbnail
শীঘ্ৰেই ভেণ্ডিং জ’নৰ ব্যৱস্থা কৰাৰ দাবী (ETV BHARAT ASSAM)

গুৱাহাটী, 1 জুলাই : মহানগৰীত ন’ ভেণ্ডিং জ’ন সম্পৰ্কে মেয়ৰ মৃগেন শৰণীয়াই কৰা মন্তব্যৰ পিচতে জাঙুৰ খাই উঠিছে পদপথ ব্যৱসায়ী সংস্থা অসম ৷ পদপথ ব্যৱসায়ী সংস্থা অসমৰ সভাপতি চন্দন গোস্বামীয়ে ভেণ্ডিং জ’নৰ ব্যৱস্থা নকৰালৈ উচ্ছেদ বন্ধ ৰাখিবলৈ দাবী জনাইছে ৷ উচ্ছেদ কৰিলেই সমস্যা সমাধান নহয় বুলি উল্লেখ কৰি গোস্বামীয়ে কয় বাৰম্বাৰ দাবী কৰি থকাৰ পিচতো আজিলৈ ভেণ্ডিং জ’ন দিব পৰা নাই, সেয়া দুখ লগা বিষয় ৷  

উল্লেখ্য যে শনিবাৰে মেয়ৰ মৃগেন শৰণীয়াই মহানগৰীৰ পথৰ য’তে-ত’তে পদপথত ব্যৱসায় কৰিব নোৱাৰিব বুলি মন্তব্য কৰিছিল ৷ পৌৰ নিগমে নিৰ্ধাৰণ কৰা নিৰ্দিষ্ট ভেণ্ডিং জ’নতহে ব্যৱসায় কৰিব পাৰিব বুলি কৈছিল মেয়ৰগৰাকীয়ে ৷ লগতে গুৱাহাটীৰ বিদ্যালয়, মন্দিৰ, নামঘৰৰ সন্মুখত পদপথৰ ব্যৱসায় কৰিব নোৱাৰিব বুলিও প্ৰকাশ কৰিছিল মেয়ৰ মৃগেন শৰণীয়াই ৷ তেওঁ শনিবাৰে সংবাদ মাধ্যমৰ আগত কৈছিল যে, মহানগৰৰ যাতায়তৰ প্ৰতি লক্ষ্য ৰাখি ন’ ভেণ্ডিং জ’নৰ ব্যৱস্থা কৰা হ'ব  ৷ মহানগৰীৰ শিক্ষানুষ্ঠান, চৰকাৰী কাৰ্যালয়, মন্দিৰ-নামঘৰ আদিৰ সমীপৰ পদপথ ন' ভেণ্ডিং জ'ন হিচাপে শীঘ্ৰেই পৌৰ নিগমে চিহ্নিত কৰিব বুলি সদৰী কৰিছিল তেওঁ ৷

লগতে পঢ়ক : মহানগৰীৰ কেইবাটাও স্থানত কৰিব নোৱাৰিব পদপথৰ ব্যৱসায় - Street vendors in Guwahati

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.