নেৰানেপেৰা বৰষুণে বিপৰ্যস্ত কৰিছে জীৱন: জোনাইত বছৰৰ তৃতীয়টো বান - Assam Flood 2024 - ASSAM FLOOD 2024

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Aug 11, 2024, 9:59 AM IST

জোনাই, 11 আগষ্ট: ৰাজ্যত অব্যাহত বৰষুণ ৷ বিগত দুদিন ধৰি নেৰানেপেৰা বৰষুণ হোৱাৰ ফলত ধেমাজি জিলাৰ জোনাইৰ বিভিন্ন নৈ-উপনৈসমূহৰ পানী ওফন্দি উঠাত পুনৰ বানৰ কবলত পৰিছে বহু কেইখন গাঁও ৷ বাঢ়নী পানীয়ে বুৰাই পেলাইছে কেইবাখনো গাঁৱৰ খেতিপথাৰ ৷ সমান্তৰালভাবে ক্ষতিগ্ৰস্ত হৈছে পশুধনো ৷ 

জোনাইৰ মালভোগ অঞ্চলতো চিলে নদীৰ বাঢ়নী পানীৰ ফলত জলমগ্ন হৈ পৰিছে কেইবাখনো গাঁও ৷ ইয়াৰে চিলে নদীৰ বাঢ়নী পানীত জলমগ্ন হৈ পৰিছে চিলে, নাহৰ, মালভোগ, শান্তিপুৰ, ৰাভা কাঠনি, সোণোৱাল কাঠনি আদিকে ধৰি কেইবাখনো গাঁও ৷ চাৰিওফালে জলমগ্ন হৈ পৰাত গৃহবন্দী হৈ পৰিছে বহুকেইখন গাঁৱৰ ৰাইজ ৷

ইফালে চিলে নদীৰ বানে চিলে, মালভোগ মিচিং, নাহৰ আদি বহুকেইখন গাঁৱৰ ৰাইজৰ খেতিপথাৰ বুৰাই পেলোৱাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে কৃষক-ৰাইজৰ মাজত ৷

লগতে পঢ়ক: বিপৰ্যস্ত জনজীৱন : গোলাঘাট জিলাত অপৰিৱৰ্তিত বান পৰিস্থিতি - Assam Flood 2024

গোলাঘাটত বান বিভীষিকা : চৌদিশে বৰ্নাত্যৰ আৰ্তনাদ - Assam Flood 2024

বানে মাৰিলে ধান: বছৰটোৰ কথা ভাবি চকুলো টুকিছে কৃষকে - Assam flood 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.