thumbnail

আল্লাই শেষ ভৰসা ! পানীৰ মাজতেই দোৱা বানপীড়িতৰ - Assam Flood 2024

By ETV Bharat Assamese Team

Published : Jul 6, 2024, 8:03 PM IST

শিলচৰ,৬ জুলাই: সমগ্ৰ ৰাজ্যত জলপ্ৰলয় । ফেনে-ফোটোকাৰে ওফন্দি উঠিছে বহু নৈ-উপনৈ । সমগ্ৰ ৰাজ্যৰ লগতে বান পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে বৰাকতো ৷ বছৰৰ তৃতীয়টো বানে তচনচ কৰিছে বৰাক উপত্যকাৰ স্বাভাৱিক জনজীৱন ৷ কাছাৰত লক্ষাধিক লোক বানৰ কবলত পৰিছে ৷ তাৰো উপৰি বিভিন্ন ঠাইত মথাউৰিক লৈ চিন্তিত নৈ-পৰীয়া লোক ৷ এই অৱস্থাত ঈশ্বৰই একমাত্ৰ ভৰসা হৈ পৰিছে বৰাকবাসীৰ বাবে ৷ যাৰ বাবে বানৰ পৰা পৰিত্ৰাণ বিচাৰি এইবাৰ সমুহীয়া দোৱা প্ৰাৰ্থনাৰ আয়োজন কৰিছে কাছাৰৰ কাটিগড়াৰ শ শ বানাক্ৰান্ত ৰাইজে ৷  

ইতিমধ্যে বানত বুৰ গৈছে কাটিগড়াৰ প্ৰায় শতাধিক গাঁও ৷ এই অৱস্থাত ভয়াবহ বানৰ পৰা ৰক্ষা পাৱলৈ বানৰ মাজতেই কাছাৰৰ কাটিগড়া তাৰিণীপুৰত সমুহীয়া দোৱা-প্ৰাৰ্থনাৰ আয়োজন কৰে গাঁওবাসীয়ে ৷ বানৰ মাজত নাৱত বহি শ শ লোকে একেলগে আল্লাৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰে ৷ দোৱাৰ পূৰ্বে এনেধৰে নাৱত বহি সকলোৱে পাঠ কৰে কোৰাণ শ্বৰিফ ৷ প্ৰলয়ংকাৰী বানৰ পৰা তেওলোকৰ মৰমৰ গাঁওখনসহ সমগ্ৰ বৰাক উপত্যকাক ৰক্ষা কৰিবলৈ আল্লাহৰ ওচৰত দোৱা কৰে বানক্ৰান্তসকলে । 

লগতে পঢ়ক: উপামণিৰ পৰা অবিনাশলৈ : তিনিটা দশকত কিমান মহানাগৰিকৰ প্ৰাণ ল’লে কৃত্ৰিম বানে ? - Artificial flood in Guwahati

আহাৰমহীয়া বানে ভাগিলে কৃষকৰ সপোন - Assam Flood 2024

মাজুলীত ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা - Ferry Stuck In Brahmaputra

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.