চৰকাৰী বান শিবিৰত থকা বানাক্ৰান্তকহে দিব সাহাৰ্য : খোৱাঙত উত্তপ্ত পৰিস্থিতি - Assam Flood 2024

By ETV Bharat Assamese Team

Published : Jul 10, 2024, 10:18 PM IST

thumbnail
চৰকাৰী বান সাহাৰ্যক লৈ খোৱাঙত উত্তপ্ত পৰিস্থিতি (ETV Bharat Assam)

ডিব্ৰুগড়, ১০ জুলাই : ডিব্ৰুগড় জিলাখনত এইবাৰ বানে অতি ভয়ংকৰ ৰূপ লৈছে ৷ বুধবাৰেও পানীৰ তলত থাকে ডিব্ৰুগড়ৰ কেবাশতাধিক গাঁও ৷ বানাক্ৰান্ত ৰাইজক সকলোধৰণৰ সহযোগিতা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছিল জিলা প্ৰশাসন আৰু স্থানীয় বিধায়কক ৷

খোদ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ আৰু আশ্বাসৰ পিচতো ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত বানাক্ৰান্ত বান সাহাৰ্য লাভ নকৰাৰ অভিযোগ উত্থাপন হৈছে । এটা দিনৰ পূৰ্বে খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ বানাক্ৰান্ত ৰাইজৰ ৰোষত পৰিবলগীয়া হৈছিল ৷ বানাক্ৰান্ত ৰাইজে এটা সপ্তাহে কোনোধৰণৰ বান সাহাৰ্য লাভ নকৰাত জবাবদিহি কৰিছিল বিধায়কক ।

ইয়াৰ পিচতে বুধবাৰে ডিব্ৰুগড়ৰ খোৱাঙত বানাক্ৰান্ত ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ মৰাণ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা খোৱাং গৰৈমাৰীত বানাক্ৰান্ত ৰাইজৰ সাহাৰ্যৰ বাবে নথিপত্ৰ সংগ্ৰহত বিসংগতি কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ বানাক্ৰান্ত ১৬৯ টা পৰিয়ালৰ নথি-পত্ৰ ঘূৰাই দিয়াৰ পিচতে বানাক্ৰান্তই এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । কেৱল আশ্ৰয় শিৱিৰত থকাসকলে চৰকাৰী সাহাৰ্য লাভ কৰিব বুলি ৰাইজক বিষয়াই জানিবলৈ দিয়াত ৰাইজ ক্ষোভিত হৈ পৰে ।

উল্লেখ্য যে বৃহত্তৰ খোৱাং অঞ্চলৰ বহু লোক বানৰ কৱলত পৰিছিল যদিও প্ৰশাসনে স্থাপন কৰা বান শিবিৰলৈ নাহি নিজাকৈ থকাৰ ব্যৱস্থা কৰিছিল । তেনেস্থলত কেৱল চৰকাৰী বান শিবিৰত থকাসকলকহে চৰকাৰী সাহাৰ্য দিবলৈ বিচৰা বিষয়টো সহজভাৱে ল’ব বিচৰা নাই বানাক্ৰান্ত ৰাইজে ৷

লগতে পঢ়ক: নিজেই বানাক্ৰান্ত হৈয়ো সহায়ৰ হাত আগবঢ়াইছে জখলাবন্ধা আৰক্ষীয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.