বৰ্ন্যাতৰ বিলৈ ! পানী-বোকাৰ তলত পাঠ্যপুথি - Assam flood 2024

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 10:08 AM IST

thumbnail
বৰ্ন্যাতৰ বিলৈ ! পানী-বোকাৰ তলৰ পৰা টানি টানি উলিয়াবলগীয়া হৈছে পাঠ্যপুথি (ETV Bharat Assam)

বঢ়মপুৰ, 23 জুন: বানত ককবকাইছে ৰাজ্যৰ বৰ্ন্যাত ৷ ৰ’দ ওলাইছে যদিও আলৈ-আহুকালৰ অন্ত পৰা নাই বানাক্ৰান্তৰ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নগাঁৱৰ কামপুৰৰ বিভিন্ন অঞ্চলত বানে সৃষ্টি কৰিছে ভয়াৱহ পৰিস্থিতিৰ ।

এতিয়া পানীৰ পৰিমাণ কিছু হ্ৰাস পোৱাত ঘৰবোৰ থানথিত লগাবলৈ গৈ উচুপি উঠিছে বন্যাৰ্ত ৷ কাৰণ বোকাত পোত খোৱা অৱস্থাৰ পৰা মাতৃয়ে টানি টানি উলিয়াবলগীয়া হৈছে সন্তানৰ পাঠ্যপুথি ৷ শেহতীয়া দুটাকৈ বানত কামপুৰৰ চাংচকীৰ শতাধিক পৰিয়াল ক্ষতিগ্ৰস্ত হৈছিল যদিও গৰিষ্ঠসংখ্যক পৰিয়াল চৰকাৰী সাহায্য লাভৰ পৰা বঞ্চিত হয় বুলি উল্লেখ কৰি সংবাদ মাধ্যমৰ আগত শোক প্ৰকাশ কৰে ৷

সমান্তৰালভাৱে চৰকাৰী আৱাস গৃহ লাভ কৰিবলৈ সক্ষম নোহোৱা বুলি উল্লেখ কৰি খেদ প্ৰকাশ কৰি কয়, "চৰকাৰী গৃহৰ নামত 1500 টকা বিচাৰিছিল ৷ আমাৰ লগতে গাঁৱৰ বহু পৰিয়ালে ধাৰ-ঋণ, দিন হাজিৰা কৰি চৰকাৰী গৃহ লাভৰ আশাত বিচৰা টকাখিনি দিছিলো যদিও আজি পৰ্যন্ত ঘৰটো লাভ কৰিবলৈ সক্ষম নহ’লো ৷ যাৰ বাবে আজি আমাৰ এই অৱস্থা হ’ল ৷"

লগতে পঢ়ক: ৰ'দ ওলোৱাৰ পাচতো আঁতৰা নাই পানী; জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ বন্যাৰ্তৰ - Assam Flood 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.