জালত পৰিল ৫ চাইবাৰ অপৰাধী, জব্দ বহু বিলাসী সামগ্ৰী - Cyber criminal arrested

By ETV Bharat Assamese Team

Published : Sep 4, 2024, 9:38 PM IST

thumbnail
জালত পৰিল ৫ চাইবাৰ অপৰাধী (ETV Bharat Assam)

ধিং,৪ ছেপ্টেম্বৰ: মৰিগাঁও আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ৫ টাকৈ চাইবাৰ অপৰাধী । লাহৰীঘাটৰ বিভিন্ন অঞ্চলত অভিযান চলাই গ্ৰেপ্তাৰ কৰা চাইবাৰ অপৰাধীকেইটা ক্ৰমে ৰাকিবুল হক, ইমতিয়াজুল হক, দিলদাৰ হুছেইন, আফতাব হুছেইন আৰু নেকিবুৰ ৰহমান । ইয়াৰে ৰাকিবুল হক আৰু ইমতিয়াজুল হক দুয়ো ভাই-ককাই বুলি জানিব পৰা গৈছে । দুয়ো ভাই-ককাইৰ পৰা দুখন বিলাসী বাহন জব্দ কৰে আৰক্ষীয়ে । ইয়াৰোপৰি চাইবাৰ অপৰাধীকেইটাৰ পৰা দুটা লেপটপ, ৭ টা ম'বাইল, কেইবাটাও বেংকৰ এ টি এম কাৰ্ড ১৫ খন আৰু পাছপৰ্টৰ লগতে বিভিন্ন বেংকৰ লগত জড়িত নথি-পত্ৰ জব্দ কৰে ।  

চাইবাৰ অপৰাধীকেইটাক সোধাপোছাৰ অন্তত বহু বিস্ফোৰক তথ্য পোৱা যাব বুলি অতিৰিক্ত আৰক্ষী অধীক্ষক (ক্ৰাইম) সমীৰণ বৈশ্যই জানিবলৈ দিয়ে । ইয়াৰে দিলদাৰ হুছেইন নামৰ চাইবাৰ অপৰাধীটো বাংলাদেশৰ পাছপৰ্ট জব্দ কৰা হয় । এই পাঁচ অপৰাধীসহ চলিত বৰ্ষত মৰিগাঁও আৰক্ষীয়ে ২১৭ টা চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । এইদৰে মৰিগাঁৱৰ বিভিন্ন অঞ্চলত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই জানিব দিয়ে । 

লগতে পঢ়ক: হায়দৰাবাদৰ অভিযন্তাক ব্লেকমেইলিং কৰি আটক গুৱাহাটীৰ যুৱক - Multi Crore Extortion Case

চাইবাৰ অপৰাধত জড়িত নগাঁৱৰ তিনি যুৱকক আটক দিল্লী আৰক্ষীৰ - cyber crime

নগাঁৱত চাইবাৰ অপৰাধীৰ ভয়ংকৰ জাল; গ্ৰেপ্তাৰ 5 চাইবাৰ অপৰাধী - Cyber criminal arrested

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.