গোৱালপাৰাৰ দুধনৈত ভয়ংকৰ অগ্নিকাণ্ড, ভস্মীভূত লক্ষাধিক মূল্যৰ সা-সম্পত্তি - Fire in Goalpara - FIRE IN GOALPARA
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/08-04-2024/640-480-21171933-thumbnail-16x9-goal.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Apr 8, 2024, 7:18 AM IST
গোৱালপাৰা, 8 এপ্ৰিল : গোৱালপাৰা জিলাৰ দুধনৈত দেওবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ এই অগ্নিকাণ্ডত জাহ যায় এঘৰ লোকৰ চাৰিটা ভাৰাতীয়া পৰিয়ালৰ কোঠালী ৷ ফলত এই অগ্নিকাণ্ডত লাখ লাখ টকাৰ সা-সম্পত্তি ভস্মীভূত ৷ দুধনৈ চহৰৰ মাজ মজিয়াত থকা চন্দন সাহা নামৰ লোকজনৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো ৷ বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলতে এই জুইৰ সূত্ৰপাত ঘটাৰ সন্দেহ পৰিয়াল কেইটাৰ ৷
জানিব পৰা মতে, দেওবাৰে নিশা হঠাৎ দাউ দাউ জ্বলি উঠে দুধনৈ চহৰৰ চন্দন সাহা নামৰ লোকজনৰ বাসগৃহটো ৷ তাৰ পাচতে সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ লগে লগে ঘটনাৰ সন্দৰ্ভত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হয় ৷ খবৰ পোৱাৰ মাত্ৰে ঘটনাস্থলীত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হয় ৷ তাৰ পাচত স্থানীয় ৰাইজৰ সহযোগত আৰক্ষী আৰু দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনেৰে জুই নুমুবালৈ সক্ষম হয় ৷
কিন্তু এই জুইত চাৰিটাকৈ ভাৰা কোঠালী ভস্মীভূত হয় ৷ ফলত কোঠালীৰ ভিতৰত থকা কাপোৰ-কানি, চাউল, নথি-পত্ৰ, পালেং, আলমিৰা আদিকে ধৰি কেবা লক্ষাধিক মূল্যৰ সা-সম্পত্তি জুইত জাহ যায় বুলি জানিব পৰা গৈছে
লগতে পঢ়ক : মহাৰাষ্ট্ৰৰ ছত্ৰপতি সম্ভাজিনগৰত ভয়াৱহ অগ্নিকাণ্ডত নিহত ৭, আহত কেইবাজনো - Maharashtra cantonment area fire