জোনাইৰ দলুঙত ভয়ংকৰ অগ্নিকাণ্ড, ভস্মীভূত লক্ষাধিক টকাৰ সা-সম্পত্তি - জোনাই অগ্নিনিৰ্বাপক বাহিনী
🎬 Watch Now: Feature Video


Published : Feb 29, 2024, 2:33 PM IST
জোনাই, 29 ফেব্ৰুৱাৰী : জোনাইৰ উজনি বিজয়পুৰ দলুঙত বৃহস্পতিবাৰে পুৱা প্ৰায় 8 বজাত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড । জোনাইৰ উজনি বিজয়পুৰ দলুঙৰ নিবাসী তথা ব্যৱসায়ী লক্ষীপ্ৰসাদ টায়ে নামৰ ব্যক্তিজনৰ বাসগৃহৰ সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো । এই অগ্নিকাণ্ডত নিমিষতে জুই জাহ যায় লক্ষীপ্ৰসাদ টায়েৰ বাসগৃহ ৷
ঘটনা সংঘটিত হোৱাৰ পাচতে খবৰ দিয়া হয় জোনাই অগ্নিনিৰ্বাপক বাহিনীৰ লোকক ৷ খবৰ পোৱাৰ মাত্ৰেই ঘটনাস্থলীত জোনাই অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ ফলতে কথমপি ৰক্ষা পৰে লক্ষীপ্ৰসাদ টায়েৰ ওচৰে পাজৰে থকা বাসগৃহ কেইটাও ৷
জানিব পৰা মতে, এই অগ্নিকাণ্ডত প্ৰায় পাঁচ লক্ষ্যাধিক টকাৰ সা-সম্পত্তি জুইত জাহ গৈছে । এটকা এটকাকৈ জমা কৰা সাঁচতীয়া ধন কেইটাৰ লগতে বিভিন্ন প্ৰয়োজনীয় নথি-পত্ৰ জুইত জাহ যোৱাত দিশহাৰা হৈ পৰিছে লক্ষীপ্ৰসাদ টায়ে ৷ সেয়ে এই ক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰা লক্ষীপ্ৰসাদ টায়েক কিছু সহায় কৰিবলৈ আহ্বান জনাইছে স্থানীয় লোকে ৷ বিজুলীৰ বিসংগতিৰ বাবেই এই অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি অনুমান কৰিছে স্থানীয় লোক ৷
লগতে পঢ়ক : জোনাইত বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত ব্য়ৱসায়িক প্ৰতিষ্ঠান