টীয়কত তপন গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ বিত্ত মন্ত্ৰী অজন্তা নেওগৰ - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Apr 2, 2024, 10:12 PM IST

টীয়ক,২ এপ্ৰিল: তুংগত উঠিছে যোৰহাট লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ । বিজেপি প্ৰাৰ্থী তপন গগৈৰ হৈ প্ৰতিটো বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰত জঁপিয়াই পৰিছে শাসকীয় দলটোৰ হৈ মন্ত্ৰী-বিধায়কসকল । মঙলবাৰে নবগঠিত মৰিয়নী বিধানসভা সমষ্টিৰ অন্তৰ্গত টীয়কৰ জেলেঙীটোপ, চিন্তামণিগড়, ভগামুখ, ঔগুৰি নেপালী গাঁও, বনাই, ভোমোৰাগুৰি মিচিং গাঁও, টীয়ক চাহ বাগিচা, চিৰাম মিচিং, কানুপুখুৰী, বলমাকে ধৰি এঘাৰটা অঞ্চলত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ সমৰ্থনত অসম চৰকাৰৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলায় ।  

উন্নয়ন আৰু বিকাশৰ স্বাৰ্থত ৰাইজক বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোটদান কৰিবলৈ আহ্বান জনাই মন্ত্ৰী নেওগে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰ আৰু ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ জনমুখী আঁচনিসমূহৰ সুফল যাতে সাধাৰণ জনতাই লাভ কৰি থাকে তাৰ বাবে বিজেপিক ভোট প্ৰদান কৰাৰ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে । ইপিনে মহিলাসকলৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰি দিয়া বক্তব্যত মন্ত্ৰী নেওগে কয় যে মহিলাসকলে সমাজ উন্নয়নত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি আহিছে ।

লগতে পঢ়ক:  বৰপথাৰত গীতে-মাতে মুখ্যমন্ত্ৰীয়ে চলালে প্ৰচাৰ: ছেলফী উঠিবলৈ লাগিল হেতা-ওপৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.