নৃশংস হত্যাকাণ্ড : পিতৃৰ হাতত প্ৰাণ গ’ল দেৱশিশুৰ - son murdered by father
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/14-03-2024/640-480-20981543-thumbnail-16x9-murder.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Mar 14, 2024, 1:23 PM IST
তিনিচুকীয়া, ১৪ মাৰ্চ : তিনিচুকীয়া জিলাৰ পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত ফিল'বাৰী হোলোং গুৰি গাঁৱত আজি পুৱাৰ ভাগতেই সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড । পিতৃ শম্ভু প্ৰজায়ে চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰিলে ৪ বছৰীয়া দেৱশিশু পুত্ৰ মঞ্জিত প্ৰজাক । লগতে চোকা অস্ত্ৰৰ ঘাপত পত্নী চালমি প্ৰজাও আঘাতপ্ৰাপ্ত হয় ।
পুৱাৰ ভাগতেই পেঙেৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপস্থিত হৈ আঘাতপ্ৰাপ্ত চালমি প্ৰজাক উদ্ধাৰ কৰি ডিগবৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । আঘাত গুৰুতৰ হোৱাৰ বাবে চালমি প্ৰজাক উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে । ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰী শম্ভু প্ৰজাক গ্ৰেপ্তাৰ কৰিছে পেঙেৰী আৰক্ষীয়ে । হত্যা কৰাৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ।
লগতে পঢ়ক : গোলাঘাটত ড্ৰাগছ আসক্ত পুত্ৰই ঘপিয়াই হত্যা কৰিলে পিতৃক