শোকাৱহ ! ঘৰৰ দেৱাল খহি মৃত্যু পিতা-পুত্ৰৰ - Heavy rainfall in Assam

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 2:27 PM IST

thumbnail
শোকাৱহ! ঘৰৰ দেৱাল খহি মৃত্যু পিতা-পুত্ৰৰ (ETV Bharat Assam)

শিলচৰ, 2 জুলাই : ধাৰাসাৰ বৰষুণৰ ফলত কাছাৰৰ চলতাকান্দিত সংঘটিত হৈছে এক শোকাৱহ ঘটনা । এটা বাসগৃহৰ মাটিৰ দেৱাল খহি মৃত্যু হৈছে এটি 6 মহীয়া শিশুসহ দুজনৰ । মৃত দুয়ো সম্পৰ্কত পিতা-পুত্ৰ । মৃত 6 মহীয়া শিশুটিৰ নাম আশিফ উদ্দিন আৰু পিতৃৰ নাম আজিৰ উদ্দিন ৷ মঙলবাৰৰ পুৱতি নিশা সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো ।

জানিব পৰা মতে, ঘৰটোৰ ভিতৰত আছিল শিশু আৰু মহিলাসহ 9 জনীয়া এটা পৰিয়াল । পুৱা শুই থকা অৱস্থাতে হঠাৎ ঘৰৰ মাটিৰ দেৱাল খহি পৰে আৰু মাটিৰ তলত আৱদ্ধ হৈ পৰে 9 জনীয়া পৰিয়ালটো । পিতৃ-পুত্ৰৰ মৃত্যু ঘটাৰ লগতে আহত হয় পৰিয়ালটোৰ আন সদস্যসকল । ঘটনাৰ পাচত স্থানীয় লোকসকলে ততাতৈয়াকৈ উদ্ধাৰ কাৰ্যত নামি পৰিয়ালটোৰ সকলো সদস্যক উদ্ধাৰ কৰে ।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে SMCH লৈ প্ৰেৰণ কৰে । ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে শোকাকুল পৰিস্থিতিৰ । 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.