এইবাৰ লুইতৰ বুকুত নহয়, চাহ বাগিচা চফৰত ব্যস্ত বন্যহস্তীৰ জাক - WILD ELEPHANT MANACE - WILD ELEPHANT MANACE
🎬 Watch Now: Feature Video


Published : Jul 18, 2024, 3:05 PM IST
কলিয়াবৰ, 18 জুলাই: শিহৰণকাৰী কিন্তু নান্দনিক এক দৃশ্য ৷ 6 টা বন্যহস্তীৰ এটা জাকে বিচৰণ কৰাৰ দৃশ্য পৰিলক্ষিত হৈছে কলিয়াবৰ চাহ বাগিচাত ৷ এই জাকটোত আছে তিনিটাকৈ পোৱালী ৷ এই হাতীৰ জাকটো ব্ৰহ্মপু্ত্ৰৰ উত্তৰপাৰৰ পৰা সাঁতুৰি আহি শিলঘাট হৈ চাহ বাগিচাখনৰ মাজেৰে গতি কৰিছে কামাখ্যা সংৰক্ষিত বনাঞ্চললৈ ৷ কেমেৰাত আৱদ্ধ হৈছে হাতীৰ জাকটো বিচৰণৰ এই নান্দনিক দৃশ্য ৷
বানৰ কবলত পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওখ ঠাই আৰু খাদ্যৰ সন্ধানত কলিয়াবৰত বিচৰণ কৰি ফুৰিছে বাঘ আৰু হাতীয়ে ৷ আনকি দুটা বনৰীয়া হাতীয়ে কামাখ্যা আৰু সোণাৰী গাঁৱত অৱস্থান কৰাৰ লগতে নিশাৰ ভাগত গাঁৱৰ মাজেৰে বিচৰণ কৰাও প্ৰত্যক্ষ কৰিছে স্থানীয় ৰাইজে ৷
লগতে পঢ়ক: লুইতৰ বুকুত জলকেলি বন্যহস্তীৰ... কেমেৰাত বন্দী হস্তী পৰিয়ালৰ নান্দনিক দৃশ্য - WILD ELEPHANT MANACE