লুইতৰ বুকুত জলকেলি বন্যহস্তীৰ... কেমেৰাত বন্দী হস্তী পৰিয়ালৰ নান্দনিক দৃশ্য - WILD ELEPHANT MANACE - WILD ELEPHANT MANACE
🎬 Watch Now: Feature Video


Published : Jul 17, 2024, 1:02 PM IST
|Updated : Jul 17, 2024, 4:05 PM IST
কলিয়াবৰ, 17 জুলাই : লুইতৰ বুকুত হাতীৰ জলকেলিৰ নান্দনিক দৃশ্য ৷ যি দৃশ্যই সহজে সকলোকে আকৰ্ষিত কৰিব ৷ এই দৃশ্য সংগোপনে কেমেৰাত বন্দী কৰিলে ফটোগ্ৰাফাৰ কাব্য কমল হাজৰিকাই ৷ বানৰ কবলত পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা হাতীৰ জাকটোৱে বিগত কিছুদিনৰে পৰা অৱস্থান কৰি আছে হাতীমূৰাত ৷ বানৰ বাবে প্ৰায়সংখ্যক বনৰীয়া জীৱ-জন্তু কাজিৰঙাৰ পৰা বাহিৰলৈ আহি প্ৰৱেশ কৰিছেহি জনাঞ্চলত ৷ যাৰ বাবে একপ্ৰকাৰ আতংকৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে কাজিৰঙাৰ সমীপৱৰ্তী অঞ্চলৰ বাসিন্দাসকলে ৷
কিছুদিন পূৰ্বে নগাঁৱৰ কেইবাটাও অঞ্চলত বাঘৰ বিচৰণে আতংক বিয়পাইছিল স্থানীয় লোকসকলৰ মাজত ৷ বন বিভাগে ইতিমধ্যে বাঘৰ গতিবিধি নিৰীক্ষণৰ বাবে চেঞ্চৰ কেমেৰা সংস্থাপন কৰাৰ লগতে অহৰ্নিশে শিলঘাট-কামাখ্যা অঞ্চলত সষ্টম হৈ আছে ৷
লগতে পঢ়ক: কাম কৰি থাকোঁতেই যুৱকৰ কাষ পালেহি বনৰজা...তাৰ পিচত ঘটিল আচৰিত কাণ্ড - Royal Bengal Tiger Terror