পানীৰ অভাৱত কঠীয়া সিঁচিব পৰা নাই কৃষকে - Poor irrigation in Tinsukia - POOR IRRIGATION IN TINSUKIA
🎬 Watch Now: Feature Video


Published : Jun 11, 2024, 8:19 PM IST
তিনিচুকীয়া, ১১ জুন: তিনিচুকীয়া জিলাৰ ফিল'বাৰী অঞ্চলৰ কৃষক ৰাইজে খেতিপথাৰত পানীৰ অভাৱত হাহাকাৰ কৰিবলগীয়া হৈছে । ১৯৬৫ চনতেই জলসিঞ্চন বিভাগে নামহোলোং বিলৰ পৰা সৃষ্টি হোৱা ডুমডুমাৰ মোহনাত পকী বান্ধ দি এক জলাশয় সৃষ্টি কৰিছিল । সেই জলাশয়ৰ পৰা নলা নিৰ্মাণ কৰি খেতি পথাৰলৈ পানী যোগান ধৰি আহিছিল । কিন্তু এতিয়া জলসিঞ্চন বিভাগৰ হেমাহিৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ফিল'বাৰী অঞ্চলৰ কেইবাখনো গাঁৱৰ কৃষকে । সেয়েহে মঙলবাৰে খেতিপথাৰত পানী বিচাৰি স্থানীয় খেতিয়কসকল উপস্থিত হয় ফিল'বাৰীৰ জলসিঞ্চন বিভাগৰ কাৰ্যালয়ত । তেওঁলোকে অতিশীঘ্ৰে খেতিপথাৰত পানী যোগান ধৰিবলৈ দাবী জনাইছে ।
বিভাগৰ হেমাহিৰ বাবে চহা কৃষকসকলে জেঠৰ শেষৰ সপ্তাহলৈকেও পানীৰ অভাৱত শালিধানৰ খেতিৰ বাবে কঠীয়াতলিত ধানৰ বীজ সিঁচিব পৰা নাই । মাটিডৰাত হাল বাব পৰা নাই । বৰ্তমান সময়ত জলসিঞ্চনৰ নলা হাবি-বননিৰে পোত খাই আছে । কিন্তু কোনো গুৰুত্ব নাই বিভাগটোৰ বিষয়া কৰ্মচাৰীসকলৰ । যি সময়ত চহা কৃষকসকলে জলসিঞ্চনৰ নলাৰে খেতিপথাৰত পানী পাব লাগিছিল সেই সময়ত এই নলাত তিনি-চাৰিফুট ওখ হাবি বননিৰে ভৰি পৰিছে ।