দেৰগাঁৱত উদ্ধাৰ বানত দিকভ্ৰষ্ট পহু - ASSAM FLOOD 2024

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 5:58 PM IST

thumbnail
দেৰগাঁৱত উদ্ধাৰ পহু (ETV Bharat Assam)

গোলাঘাট, ২ জুলাই : বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ । যাৰ পৰিপ্ৰেক্ষিতত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন প্ৰান্তত সৃষ্টি হৈছে বান পৰিস্থিতি । ফলত দিশহাৰা হৈ পৰিছে বন্য জীৱ-জন্তু ।

আনহাতে, বানৰ কোবাল সোঁতে উটুৱাই নিছে বিভিন্ন জীৱ-জন্তু । তেনে এক ঘটনা সংঘটিত হৈছে গোলাঘাট জিলাৰ দেৰগাঁৱত । দেৰগাঁও শগুনপাৰা ন-পমুৱা গাঁৱত এজন কৃষকৰ কৃষিপামৰ ঘৰত সোমাই বানত উটি অহা এটা পহু । কিন্তু মানুহৰ আগমনত পহুটোৱে পুনৰ পানীত নামি যোৱা প্ৰত্যক্ষ কৰে কৃষকজনে । লগে লগে তেওঁ নাও লৈ পানীৰ পৰা পহুটো উদ্ধাৰ কৰে আৰু ন-পমুৱা গাঁৱলৈ আনি পহুটো সুৰক্ষিত অৱস্থাত ৰাখে । 

আনহাতে, পহুটো উদ্ধাৰৰ পাচত স্থানীয় গাঁৱৰ ৰাইজ উপস্থিত হৈ পহুটো দেৰগাঁৱৰ বন বিভাগক গতাই দিয়াৰ সিদ্ধান্ত লয় । ইফালে পহুটোক কোনোধৰণৰ ক্ষয়-ক্ষতি নোহোৱাকৈ জীৱন্তে উদ্ধাৰ কৰি বন বিভাগৰ লোকক গতাই দিয়াৰ বাবে কৃষকজনক সকলোৱে প্ৰসংসা কৰিছে ।

লগতে পঢ়ক :চকুৰ সন্মুখতে উটি গ’ল সমস্ত: কন্দাৰ বাহিৰে উপায় নাই বানাক্ৰান্তৰ - Assam Flood 2024
লগতে পঢ়ক :বানৰ কবলত গাঁও-নগৰ : জীৱ-জন্তুৰ মাজতো হাহাকাৰ পৰিস্থিতি - Assam Flood 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.