ঘাতকে শাস্তি নোপোৱাত আমাৰ আক্ষেপ থাকি গ'ল: পঞ্চ শ্বহীদৰ পৰিয়ালৰ সদস্য - Dangri fake encounter

By ETV Bharat Assamese Team

Published : Aug 2, 2024, 9:38 PM IST

thumbnail
পঞ্চ শ্বহীদৰ পৰিয়ালৰ সংবাদমেল (ETV Bharat Assam)

তিনিচুকীয়া,২ আগষ্ট: তিনিচুকীয়া জিলাৰ ডুমডুমাৰ সমীপবৰ্তী তালাপত শুকুৰবাৰে পঞ্চ শ্বহীদৰ পৰিয়ালে এক সংবাদমেলৰ আয়োজন কৰে । সংবাদমেলৰ জৰিয়তে ৩১ জুলাইত উচ্চ ন্যায়ালয়ৰ আংশিক ন্যায় হিচাপে প্ৰতিটো পৰিয়াললৈ ২০ লাখকৈ টকা এককালীন সাহায্য প্ৰদান কৰাত শ্বহীদ পৰিয়ালে সকলোকে ধন্যবাদ জ্ঞাপন কৰে । ১৯৯৪ চনৰ ২২ ফ্ৰেব্ৰুৱাৰীত ভাৰতীয় সেনাৰ নিৰ্মম অত্যাচাৰত মৃত্যু হৈছিল সেইসময়ৰ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰবীণ সোণোৱাল, প্ৰদীপ দত্ত, দেৱজিৎ বিশ্বাস, অখিল সোণোৱাল আৰু ভৱেন মৰাণৰ ।  

৩০ বছৰীয়া ন্যায়িক যুঁজৰ অন্তত ৩১ জুলাইত উচ্চ ন্যায়ালয়ে আংশিক ন্যায় হিচাপে প্ৰতিটো পঞ্চ শ্বহীদৰ পৰিয়ালক ২০ লাখকৈ টকা ক্ষতিপূৰণ হিচাপে প্ৰদান কৰে । শুকুৰবাৰে সংবাদমেলৰ যোগেদি গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰা সেই সময়ৰ আছুৰ কেন্দ্ৰীয় উপ-সভাপতি, তথা প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাৰ প্ৰচেষ্টাৰ বাবেই এনে আংশিক ন্যায় লাভ কৰা বুলি মন্তব্য কৰাৰ লগতে দোষী সেনা জোৱানক শাস্তি, পঞ্চ শ্বহীদৰ পৰিয়ালক সংস্থাপনৰ দাবী জনায় । লগতে ৩০ বছৰীয়া যুঁজত সহায় আগবঢ়োৱা সংবাদ মাধ্যম, আছু, অধিবক্তা তথা সমূহ অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰে‌ পঞ্চ শ্বহীদৰ পৰিয়ালৰ সদস্যসকলে ।  

লগতে পঢ়ক: ৩০ বছৰীয়া ন্যায়িক যুঁজৰ সমাপ্তি : ডাঙৰিৰ ভুৱা এনকাউন্টাৰত আক্ৰান্ত পৰিয়ালক ২০ লাখকৈ টকাৰ ক্ষতিপূৰণ - Dangri fake encounter

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.