16 বছৰীয়া কিশোৰৰ দেহত জোৱানৰ পোছাক - Fake SSB constable detained - FAKE SSB CONSTABLE DETAINED
🎬 Watch Now: Feature Video
Published : Aug 20, 2024, 9:16 PM IST
নলবাৰী, 20 আগষ্ট: ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে ভুৱা প্ৰশাসনিক বিষয়া, চিকিৎসক, আৰক্ষী-জোৱানৰ সংখ্যা । মঙলবাৰে নলবাৰী জিলাৰ টিহুত আটক হয় সশস্ত্ৰ সীমা বলৰ এজন ভুৱা জোৱান । স্থানীয় লোকে জনোৱা অনুসৰি টিহু ষ্টেচনৰ উপৰিও বিভিন্ন স্থানত সশস্ত্ৰ সীমা বলৰ ভুৱা জোৱানজনৰ গতি-বিধি প্ৰত্যক্ষ কৰি প্ৰত্যক্ষদৰ্শীৰ মনত সন্দেহ ওপজে ।
জোৱানৰ পোছাক পৰিধান কৰি থকা কিশোৰজনে স্থানীয় ৰাইজৰ আগত নিজকে সশস্ত্ৰ সীমা বলৰ হাবলদাৰ বুলি পৰিচয় দিয়াত ৰাইজৰ মাজত সন্দেহ ওপজে, কিয়নো তেওঁৰ পোছাকযোৰত কোনো ধৰণৰ তেনে সংকেত চিহ্ন বা নিজৰ নামটোও নাছিল । কিশোৰজনে তেওঁৰ ঘৰ কোকৰাঝাৰত বুলি জনায় ৷
জানিব পৰা মতে সশস্ত্ৰ সীমা বলৰ জোৱানজন বুলি পৰিচয় দিয়া কিশোৰজনৰ বয়স 16 বছৰ ৷ অৱশ্যে কিয় কিশোৰজনে এইদৰে জোৱানৰ পোছাকত টহল দিলে সেয়া বৰ্তমানেও পোহৰলৈ অহা নাই ৷