বঙালমৰাত খেদি-খেদি দুই নকল সোণ বেপাৰীক আটক

By ETV Bharat Assamese Team

Published : Mar 13, 2024, 4:48 PM IST

thumbnail

বিহপুৰীয়া, 13 মাৰ্চ : লখিমপুৰৰ বঙালমৰাত আটক  নকল সোণ বেপাৰী । নাওবৈচাৰ মহঘূলিৰ পৰা নকল সোণ লৈ বৰপেটালৈ গৈ থকা অৱস্থাতে একাংশ লোকে মটৰ চাইকেলসহ খেদি খেদি ধৰিলে নকল সোণ বেপাৰী দুটাক । দুই বেপাৰীৰ বেগৰ পৰা উদ্ধাৰ নকল সোণৰ নাও । ধৃত দুই যুৱকৰ নাম ক্ৰমে সোণাপুৰৰ ছাইফুল ইছলাম আৰু ম’হঘূলিৰ খুশ্বিদুল ইছলাম । বৰ্তমান বঙালমৰা আৰক্ষীৰ জিম্মাত আছে দুয়ো ।

যুৱক দুজনৰ স্বীকাৰোক্তি অনুসৰি ম'হঘুলিৰ মহিদুল ইছলাম নামৰ কুখ্যাত নকল সোণ বেপাৰীটোৱে নকল সোণখিনি লৈ যাবলৈ দিছিল বৰপেটালৈ । সম্প্ৰতি পলাতক অৱস্থাত আছে মহিদুল ইছলাম । উল্লেখ্য যে, জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাই লখিমপুৰত চলি থকা এই ভয়াৱহ অন্ধকাৰ জগতখনৰ কথা পোহৰলৈ আনিছিল । তেতিয়াই এই অন্ধকাৰ জগতখন উৎখাত কৰিবলৈ আনন্দ মিশ্ৰক ততাতৈয়াকৈ লখিমপুৰৰ আৰক্ষী অধীক্ষক ৰূপে নিয়োগ কৰা হৈছিল । আনন্দ মিশ্ৰৰ যোগদানৰ পাচতে এই ক’লা সাম্ৰাজ্যখনত কঁপনি উঠিছিল । আৰক্ষীৰ অভিযানত বহু লোক গ্ৰেপ্তাৰ হোৱাৰ লগতে বহুতে স্বেচ্ছাই আত্মসমৰ্পনো কৰিছিল । এই দৃশ্যপটে জিলাখনৰ ৰাইজক সন্তুষ্টি দিলেও ক’লা বেহা চলিয়েই থাকিল ।

চলিয়েই আছে মদ-ভাং-ড্ৰাগছ, নকল সোণ, জালনোট আদিৰ বেহা । আৰক্ষীৰ অভিযানত সময়ে সময়ে এনে ঘটনা ধৰা পৰিলেও অবৈধ বেহা চলিয়েই আছে ।

লগতে পঢ়ক : নকল সোণ সৰবৰাহকাৰীৰ বিৰুদ্ধে লখিমপুৰ আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ 3 অভিযুক্ত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.