কৃষি বিভাগৰ চীল-ষ্টাম্পেৰে সাধাৰণ কৃষকক লুণ্ঠন

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 7:04 AM IST

thumbnail

তিনিচুকীয়া, 2 মাৰ্চ: কৃষকৰ ধনত চকু দালালৰ ৷ সাধাৰণ কৃষকক পাৱাৰ টিলাৰ দিয়াৰ নামত কৃষি বিষয়াৰ নাম লৈ তিনিচুকীয়া জিলাৰ ফিল'বাৰীত এটা চক্ৰই লুটিলে 10 হাজাৰ টকা । মটৰ চাইকেলেৰে অহা দুই ভুৱা কৃষি বিষয়াই ফিল’বাৰী অঞ্চলৰ ডুমডুমা ন-গাঁওৰ আলবিনুছ লগুণ নামৰ এগৰাকী সহজ-সৰল তথা সাধাৰণ খেতিয়কক কৃষি কাৰ্যালয়ৰ পৰা পাৱাৰ টিলাৰ দিয়াৰ সপোন দেখুৱাই কৃষকজনৰ পৰা 10 হাজাৰ টকা সংগ্ৰহ কৰে বুলি ভুক্তভোগী কৃষকজনে উল্লেখ কৰে  ৷

ইফালে, দৰিদ্ৰ কৃষকক লুন্ঠন চলোৱা চক্ৰটোৱে অসম চৰকাৰৰ কৃষি বিভাগৰ চীল-ষ্টাম্প থকা ৰচিদো দৰিদ্ৰ খেতিয়কজনক প্ৰদান কৰা ঘটনাই ঘটনাটোক অধিক ৰহস্যৰ মাজলৈ ঠেলি নিছে । দুৰ্ভাগ্যজনক বিষয় যে, এনে ঘটনা ফিল’বাৰীত এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও সহজ-সৰল তথা দৰিদ্ৰ খেতিয়কৰ নিৰক্ষতাৰ সুযোগ লৈ লুন্ঠন চলাই যোৱাৰ খবৰ পোহৰলৈ আহিছে । এইক্ষেত্ৰত সকলোকে সজাগ হ’বলৈ ফিল’বাৰী কৃষি সম্প্ৰসাৰণ সহায়ক কাৰ্যালয়ৰ বিষয়া দিগন্ত বৰাই আহ্বান জনাইছে ।

লগতে পঢ়ক: কৃষক বঞ্চিত: নিগমৰ চৌহদতে পচিছে কুইন্টলে কুইন্টলে আলু-বাদামৰ বীজ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.