হাতী-মানুহৰ সংঘাত নিৰাময়ৰ প্ৰচেষ্টা কৰবেট ফাউণ্ডেশ্যনৰ - The Corbett Foundation - THE CORBETT FOUNDATION
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12-09-2024/640-480-22435738-thumbnail-16x9-assam.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Sep 12, 2024, 3:30 PM IST
কলিয়াবৰ, 12 ছেপ্টেম্বৰ: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত হাতী-মানুহৰ সংঘাত নিৰাময়ৰ প্ৰচেষ্টা দ্যা কৰবেট ফাউণ্ডেশ্যনৰ ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি-কাষৰীয়া কলিয়াবৰৰ তেতুলগুৰি আৰু চিকনি চাহ-বাগিচাৰ কৃষক ৰাইজৰ মাজত টঙি নিৰ্মাণৰে হাতী-মানুহৰ সংঘাত নিৰাময়ৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে দ্য কৰবেট ফাউণ্ডেশ্যনে ।
উল্লেখ্য যে, ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা হাতী-মানুহৰ সংঘাত প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে দ্য কৰবেট ফাউণ্ডেশ্যনে । টঙি নিৰ্মাণৰ বাবে আজি কলিয়াবৰৰ কৃষক ৰাইজৰ মাজত টিনপাত, উচ্চ ক্ষমতাসম্পন্ন অত্যাধুনিক টৰ্চলাইট বিতৰণ কৰে কৰবেট ফাউণ্ডেশ্যনে । কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত তিনি শতাধিক টঙিঘৰ আৰু টৰ্চলাইট বিতৰণ কৰি সংস্থাটো ব্ৰতী হৈছে হাতী-মানুহৰ সংঘাত নিৰাময়ত ।
ইয়াৰ পূৰ্বেও তেঁতুলগুৰি আৰু চিকনি চাহ-বাগিচাৰ কৃষক ৰাইজৰ মাজত টঙি নিৰ্মাণৰ সামগ্ৰীৰ লগতে কৃষক ৰাইজক উচ্চ ক্ষমতাসম্পন্ন অত্যাধুনিক টৰ্চলাইট প্ৰদান কৰিছে দ্য কৰবেট ফাউণ্ডেশ্যনে ।
লগতে পঢ়ক: বোমাৰ আতংক: মৰাণৰ খটখটিত দুটাকৈ সেউজীয়া ৰঙৰ বটল গ্ৰেণেড উদ্ধাৰ - Grenades recovered