ঝক্ ঝক্ ঝক্ ৰে’লগাড়ী যায়...দবা এৰি থৈ গৈ থাকিল ইঞ্জিন : যাত্ৰীৰ মাজত হাহাকাৰ - Kamrup Express in Dibrugarh

By ETV Bharat Assamese Team

Published : Jul 16, 2024, 11:01 PM IST

thumbnail
দবা অবিহনে গৈ থাকিল ৰে’লৰ ইঞ্জিন (ETV Bharat Assam)

মৰাণ, 16 জুলাই: দেখাত বলীউডৰ চিনেমাৰ দৰেই এক দৃশ্য ৷ এই দৃশ্য দেখা গৈছে ডিব্ৰুগড়ত ৷ ডিব্ৰুগড়ৰ পৰা হাওৰা অভিমুখী নামনিমুৱা কামৰূপ এক্সপ্ৰেছত মঙলবাৰে সংঘটিত হয় এক ভয়ংকৰ ঘটনা ৷ ভাগ্য আছিল সুপ্ৰসন্ন, যাৰ বাবে ৰে’লখনত থকা শতাধিক যাত্ৰী নিশ্চিত বিপদৰ পৰা কথমপি ৰক্ষা পৰে ৷

ঘটনাটো এনেধৰণৰ, বাণীপুৰ ৰে’ল ষ্টেচনৰ পৰা যাত্ৰা কৰা কামৰূপ এক্সপ্ৰেছ নামৰ ৰে’লগাড়ীখনৰ চাউলখোৱাত চলন্ত অৱস্থাতে 15960 নং ইঞ্জিনটো দবাসমূহৰ পৰা অতৰ্কিতে বিছিন্ন হৈ পৰে ৷ যাৰ বাবে দবাসমূহ যাত্ৰাপথতে এৰি প্ৰায় 200 মিটাৰ দূৰলৈকে মাত্ৰ ইঞ্জিনটোহে আগবাঢ়ি গৈ থাকে ৷ আকস্মিকভাৱে পোৱা এক বৃহৎ যান্ত্ৰিক শব্দৰ কম্পনত ৰে’লখনৰ প্ৰায় 50 টাকৈ দবাত থকা যাত্ৰীসকলৰ মাজত লাগে হাহাকাৰ ৷

যান্ত্ৰিক বিজুতিৰ বাবে এই ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে যদিও ৰে’ল বিভাগৰ তৰফৰ পৰা কোনো কথা স্পষ্ট কৰা নাই ৷ ঘটনাৰ পাচতে ৰে’ল বিভাগৰ এটা বিশেষ দল ঘটনাস্থলীত উপস্থিত হৈ পুনৰ ইঞ্জিন আৰু দবা সংযোগ কৰাৰ পিছত ৰে'লখনৰ চলাচল আৰম্ভ হয় ৷

লগতে পঢ়ক: দশকটোৰ ভিতৰত সংঘটিত কেইটামান শোকাৱহ ৰে’ল দুৰ্ঘটনা - Kanchanjungha Express Accident

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.