আমছিং যোৰাবাটত পুনৰ হাতীৰ উপদ্ৰৱ - elephant menace in amsing jorbat
🎬 Watch Now: Feature Video


Published : Mar 19, 2024, 3:39 PM IST
গুৱাহাটী, ১৯ মাৰ্চ: ৰাজ্য়ত বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত । জিলা প্ৰশাসন আৰু বন বিভাগৰ চৰম দুৰ্বলতা তথা অমনোযোগিতাৰ সুযোগ গ্ৰহণ কৰি একাংশ স্বাৰ্থলোভী লোকে অবাধে বন ধ্বংস কৰাৰ পৰিণতিত গুৱাহাটীৰ বিভিন্ন প্ৰান্তত সময়ে সময়ে বনৰীয়া জীৱ-জন্তুৱে বিচৰণ কৰাৰ লগতে সা-সম্পত্তি বিনষ্ট কৰিছে । শেহতীয়াকৈ খাদ্যৰ সন্ধানত আমচাং অভয়াৰণ্যৰ পৰা সঘনাই ওলাই অহা বন্যহস্তীয়ে মহানগৰীৰ দাঁতি কাষৰীয়া আমছিং যোৰাবাট অঞ্চলত প্ৰায়ে উপদ্রপ চলোৱাত অঞ্চলটোত ৰাইজৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ।
আজি পুনৰ পুৱাৰ ভাগত আমচাং অভয়াৰণ্যৰ পৰা ওলাই অহা এটা বন্যহস্তীয়ে আমছিং যোৰাবাট বজাৰ এলেকাত কেইবাঘণ্টা ধৰি উপদ্রৱ চলায়। হাতীটোৱে পুৱা আমছিং যোৰাবাট বজাৰত প্ৰৱেশ কৰি কেইবাখনো দোকানৰ খাদ্য সামগ্ৰী নষ্ট কৰে । পিচত স্থানীয় ৰাইজে ফটকা ফুটাই, জুই জ্বলাই হাতীটোক আমচাং অভয়াৰণ্যৰ দিশে খেদি পঠিয়াবলৈ সক্ষম হয় । স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়াৰ পিচতো বন বিভাগৰ লোক সময়মতে উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে । উল্লেখ্য় যে কালিও একে স্থানতে হাতীয়ে উপদ্ৰৱ চলাই পাঁচখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভাঙি লণ্ড-ভণ্ড কৰিছিল ।