জিনজিয়াৰ পথাৰত কেনেকৈ মৃত্যু হ'ল হাতীটোৰ ! কাৰণ বিচাৰি পোৱা নাই পশু চিকিৎসকেও - ELEPHANT DEATH IN BISWANATH

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 26, 2024, 8:52 PM IST

বিশ্বনাথ: বিশ্বনাথৰ বিহালী সমষ্টিৰ জিনজিয়া লাপানীৰ ধাননি পথাৰত শনিবাৰে এটা বন্যহস্তীৰ মৃত্যু হয় । বন্যহস্তীটোৰ মৃত্যুৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত বন বিভাগৰ লোকৰ লগতে পশু চিকিৎসক, আৰক্ষীৰ লোক উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে ৷ বৰ্তমান পৰ্যন্ত হাতীটোৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই ৷ কোনো পুৰণি আঘাতৰ ফলত সংক্ৰমণ হৈ হাতীটোৰ মৃত্যু হোৱা বুলি পশু চিকিৎসকে সন্দেহ ব্যক্ত কৰিছে ৷ 

হাতীটোৰ মৰণোত্তৰ পৰীক্ষাৰ পাছতহে ইয়াৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা হ’ব বুলি পশু চিকিৎসকে উল্লেখ কৰে ৷ উল্লেখ্য যে, যোৱা কেইবাদিন ধৰি বিহালী সমষ্টিৰ ৰাংছালী, ৰৌমাৰী, চেনীমাৰী, মোনাবাৰী, জিনজিয়াকে ধৰি বিভিন্ন অঞ্চলত এজাক বনৰীয়া হাতীয়ে শ-শ বিঘা ধান খাই তহিলং কৰা লগতে বিভিন্ন শস্য নষ্ট কৰি আহিছিল । ইয়াৰ মাজতেই শনিবাৰে হাতীটোৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাছতেই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷

লগতে পঢ়ক: তিনিচুকীয়াৰ ব্ৰহ্মজানত বনৰীয়া হাতীৰ ৰহস্যজনক মৃত্যু - Wild Elephant Death

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.