কাজিৰঙাত বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত হাতী পোৱালী - কাজিৰঙাত বাঘৰ আক্ৰমণ
🎬 Watch Now: Feature Video


Published : Feb 9, 2024, 7:42 PM IST
কাজিৰঙা, ৯ ফেব্ৰুৱাৰী: কাজিৰঙাত বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে এটি হাতী পোৱালী । আজি আঘাতপ্ৰাপ্ত হাতী পোৱালীটোক উদ্ধাৰ কৰে হালধীবাৰীৰ স্থানীয় ৰাইজে । ইয়াৰ পিচতেই শুশ্ৰূষা কৰি স্থানীয় ৰাইজে বন বিভাগক গতালে আঘাতপ্ৰাপ্ত হাতী পোৱালীটোক । স্থানীয় ৰাইজৰ ভাষ্য় অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলত মাতৃৰ পৰা বিচ্ছিন্ন এটা হাতী পোৱালী বাঘৰ আক্ৰমণৰ সন্মুখীন হয় ।
বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মাইকী হাতী পোৱালীটো দিকবিদিক হেৰুৱাই অৱশেষত উপস্থিত হয় জনাঞ্চলত । কহঁৰা বনাঞ্চলৰ পৰা ওলাই আহি দাঁতিকাষৰীয়া হালধীবাৰীত থকা পোহনীয়া হাতীৰ জাকৰ কাষত আহি উপস্থিত হয় যন্ত্ৰণাত চটফটাই থকা হাতী পোৱালীটো । স্থানীয় ৰাইজ আৰু পোহনীয়া হাতীৰ মাউতে হাতীটোক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি গতাই দিয়ে বন বিভাগক । ইয়াৰ পিচতেই পাণবাৰীত থকা বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ চিকিৎসক-কৰ্মচাৰী উপস্থিত হৈ হাতীটোক উন্নত চিকিৎসাৰ বাবে কেন্দ্ৰলৈ স্থানান্তৰ কৰে ।
লগতে পঢ়ক:এইখন চৰকাৰে অসমৰ ভৱিষ্যৎ সলনি কৰাৰ পৰিৱেশ ৰচনা কৰিছে : মুখ্যমন্ত্ৰী