বোকাখাতত বাগিচাৰ নলাত পৰি হাতী পোৱালিৰ মৃত্যু - BOKAKHAT ELEPHANT CALF DEATH
🎬 Watch Now: Feature Video


Published : Dec 6, 2024, 3:46 PM IST
গোলাঘাট : গোলাঘাট জিলাত হাতী-মানুহৰ সংঘাতৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে বন্যহস্তীৰ মৃত্যুৰ সংখ্যা । বুধবাৰে বগীঢলা চাহ বাগিচাত এটা উঁৱলি যোৱা বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত পুনৰ বিহৰা মিকিৰচাং চাহ বাগিচাৰ নলাত পৰি মৃত্যু হয় এটা পোৱালি হাতী ।
খাদ্যৰ সন্ধানত কাৰ্বি পাহাৰৰ পৰা নামি অহা হাতীৰ জাকৰ লগত অহা সৰু হাতী পোৱালিটোৰ বাগিচাৰ নলাত পৰি মৃত্যু হোৱাৰ সন্দেহ । বিহৰা মিকিৰচাঙৰ ৬ নং বাগিচাত সংঘটিত হৈছে এই দুখজনক ঘটনাটো । এই ঘটনাৰ খবৰ নুমলীগড় বন বিভাগক জনোৱাৰ পাছত বন বিভাগ আৰু পশু চিকিৎসকৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃত হাতীটোৰ মৰোণোত্তৰ পৰীক্ষাৰ পাছত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে ।
ঘটনা সম্পৰ্কে স্থানীয় এজন লোকে কয়, "বিহৰা মিকিৰচাঙৰ ৬ নং বাগিচাত পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা হাতীৰ জাকৰ পৰা এটা পোৱালি হাতীৰ মৃতদেহ নলাত পৰি আছে । নুমলীগড় বন বিভাগৰ লোক উপস্থিত হৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে ।"