লখিমপুৰত একপক্ষীয় হ'ব নিৰ্বাচন: বিমল বড়া - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 1, 2024, 4:23 PM IST

thumbnail

ধেমাজি,১ এপ্ৰিল : 'লখিমপুৰত একপক্ষীয় হ'ব নিৰ্বাচন ।' এই মন্তব্য মন্ত্ৰী বিমল বড়াৰ । ধেমাজিত বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ মাজতে এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । সোমবাৰে ধেমাজিৰ চমৰাজান আৰু বৰদলনিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱা হৈ প্ৰচাৰ চলাই মন্ত্ৰী বিমল বড়াই ৷ বিজেপি চৰকাৰে ৰাইজৰ বাবে কৰা উন্নয়নমূলক কামৰ খতিয়ান দাঙি ধৰি প্ৰদান বৰুৱাক ভোট দিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায় ৷

প্ৰচাৰ সভাত উপস্থিত থাকে জিলা বিজেপিৰ সভাপতি ৰূপা কামান, অগপৰ জিলা সম্পাদক তুলন কোঁৱৰকে ধৰি অন্যান্য দলীয় কৰ্মীসকল ৷ ইফালে সাংবাদিকৰ সন্মুখত মন্ত্ৰীগৰাকীয়ে কয় যে বিগত ৭০ টা বছৰে কংগ্ৰেছে জনসাধাৰণৰ অনুভৱ হৃদয়ংগম কৰাৰ প্ৰয়াসে নকৰিলে সেয়ে ৰাইজে কংগ্ৰেছক আঁকোৱালি নলয় ।

লগতে পঢ়ক :কংগ্ৰেছ দলত এতিয়া মানুহ থাকিবই নোৱাৰে : তপন কুমাৰ গগৈ - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.