thumbnail

By ETV Bharat Assamese Team

Published : Apr 2, 2024, 2:07 PM IST

ETV Bharat / Videos

বৰপথাৰত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী ৰণডংকাত ৰাইজৰ সোঁত - Lok Sabha elections 2024

সৰুপথাৰ, ২ এপ্ৰিলঃ কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত সৰুপথাৰ বিধানসভা সমষ্টিৰ গোলাঘাটৰ বৰপথাৰত বাজিছে নিৰ্বাচনী ৰণডংকা । কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ প্ৰথমখন নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণৰ বাবে অহাৰ পূৰ্বেই দলীয় সমৰ্থকৰ মাজত পাৰভঙা উছাহ পৰিলক্ষিত হৈছে ।  

নৱগঠিত কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত সৰুপথাৰ বিধানসভা সমষ্টিৰ বৰপথাৰত মুখ্যমন্ত্ৰীৰ সভাত অংশগ্ৰহৰ বাবে পুৱাৰে পৰাই ৰাইজে শাৰী পাতি সভাস্থলীত প্ৰৱেশ কৰে । লোকসভা সমষ্টিটোৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ প্ৰচাৰ চলাবলৈ মুখ্য়মন্ত্ৰীগৰাকীৰ সৈতে আহিব বিটিআৰ মুখ্য় কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োৰ লগতে কেইবাগৰাকীও মন্ত্ৰী-বিধায়ক । এই সভাখন বৰপথাৰৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈছে । 

মঙলবাৰে বৰপথাৰলৈ অহাৰ আগত ডিফু লোকসভাৰ বিজেপি প্ৰাৰ্থী অমৰছিং তিছ’ৰ হৈ প্ৰচাৰ চলাবলৈ ডিফুত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

লগতে পঢ়ক:মাজুলীত পাঁচ হাজাৰ কৰ্মকৰ্তাৰ সৈতে মুখ্যমন্ত্ৰীৰ চাইকেল ৰেলী - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.