ধেমাজিত বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী ৰণোজ পেগুৰ : বানাক্ৰান্তৰ ক্ষোভৰ উদগীৰণ - Assam Flood 2024

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 7:27 PM IST

thumbnail
ধেমাজিত বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী ৰণোজ পেগুৰ (ETV Bharat Assam)

ধেমাজি, ১২ জুলাই : ৰাই আৰু বালিচৰী নৈৰ বানে বৃহস্পতিবাৰে নিশা বেয়াকৈ ক্ষতিগ্ৰস্ত কৰা ধেমাজিৰ বিভিন্ন অঞ্চল শুকুৰবাৰে পৰিদৰ্শন কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী তথা ধেমাজি সমষ্টিৰ স্থানীয় বিধায়ক ডাঃ ৰণোজ পেগুৱে ৷ পৰিদৰ্শনৰ সময়ত অগ্ৰাধিকাৰ ভিত্তিত প্ৰলয়ংকৰী বানত বিধ্বস্ত হোৱা বাট-পথসমূহ শীঘ্ৰে পুনৰ নিৰ্মাণ কৰা হ’ব বুলি ৰাইজক আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে তেওঁ প্ৰাথমিক পৰ্যায়ৰ সাহাৰ্য সময়মতে দিয়াৰ ব্যৱস্থা কৰিবলৈও জিলা আয়ুক্তক নিৰ্দেশ দিয়ে ৷ উল্লেখ্য যে উক্ত বানে মৰিঢল-লক্ষীপথাৰ হৈ হাতীপাৰালৈ যোৱা গড়কাপ্তানী পথটো আৰু শ্ৰীপাণিৰ পৰা মঠাদাং হৈ নিলখলৈ যোৱা গড়কাপ্তানী পথটো ৫ টা স্থানত ছিগি নিয়ে । এই পথ দুটা পৰিদৰ্শন কৰি তৎকালীনভাৱে নিৰ্মাণ কৰি যাতায়াত ব্যৱস্থা সুচল কৰিবলৈও সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

ইফালে বানত বেয়াকৈ ক্ষতিগ্ৰস্ত লক্ষীপথাৰ পঞ্চায়তৰ ২ নং কৈৱৰ্ত গাঁৱৰ ৰাইজৰ দুখ-দুৰ্দশাৰ বুজ নোলোৱাত শিক্ষা মন্ত্ৰীৰ ওপৰত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে অঞ্চলটোৰ ৰাইজে ৷ আনহাতে, ৰাইজৰ খবৰ ল'বলৈ আহৰি নোহোৱা শিক্ষা মন্ত্ৰীগৰাকীক পুতলা মন্ত্ৰী আখ্যা দিয়ে বানাক্ৰান্তই ৷

উল্লেখ্য, বানাক্ৰান্ত ৰাইজৰ সৈতে মত বিনিময় নকৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰে বানাক্ৰান্ত ৰাইজে । ইয়াৰ বিপৰীতে কেৱল কনভয় লৈ আহি চমক সৃষ্টি কৰি মাত্ৰ নিৰ্দিষ্ট স্থান পৰিদৰ্শন কৰিয়েই গুচি যোৱাৰো অভিযোগ কৰে বানাক্ৰান্তই । লগতে শীঘ্ৰে বিধ্বস্ত পথছোৱা ভালদৰে মেৰামতি কৰিবলৈও দাবী জনায় ।

লগতে পঢ়ক :গোৱালপাৰাৰ অভিশপ্ত নাও দুৰ্ঘটনা: পুৱা উদ্ধাৰ গৌৰাংগ মালাকৰৰ মৃতদেহ; সন্ধান নাই উদয়ৰ - Boat Accident in Goalpara
লগতে পঢ়ক :বিজেপিৰ কাৰ্যালয়ৰ সমীপতে আন্তঃৰাষ্ট্ৰীয় ঘাইপথত পুখুৰী সদৃশ পৰিৱেশ - Bhutan Road Condition

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.