thumbnail

শ্ৰীশ্ৰী কামেশ্বৰী আই থানৰ দুৰ্গা পূজাৰ ঐতিহ্যৰ বিষয়ে জানেনে ?

By ETV Bharat Assamese Team

Published : 3 hours ago

ধেমাজি, 8 অক্টোবৰ: ঢাক হৈছে দুৰ্গা পূজাৰ এক অবিচ্ছেদ্য অংগ ৷ ঢাক বজাই দেৱীক আবাহন কৰাৰ লগতে আৰতিৰ সময়তো ঢাক, কাঁহ, শংখ আদিৰ ধ্বনিত পূজা মণ্ডপ সমূহ মুখৰিত হৈ পৰে ৷ পিচে অসমৰ এখন পুৰণি দুৰ্গা পূজাত ঢাক বজোৱাৰ পৰিৱৰ্তে ঢোল-তাল বজাই দেৱীক আমন্ত্ৰণ জনোৱা হয় ৷ ধেমাজিৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী কামেশ্বৰী আই থানত ঢোল-তালেৰে দেৱীক আৱাহন কৰাৰ নিয়ম পূৰ্বৰে পৰা চলি আহিছে ৷ 

বিগত বছৰৰ দৰে এইবেলিও ধেমাজিৰ বঙালমাৰী মিচিং গাঁৱত শ্ৰীশ্ৰী কামেশ্বৰী আই থানৰ ৬৭ সংখ্যক দুৰ্গা পূজাৰ আয়োজন কৰা হৈছে ৷ সেই উদ্দেশ্যে গাঁওখনৰ যুৱকসকলে আই থানখন সজাই-পৰাই তুলিছে ৷ সপ্তমীৰ বিহিত পূজাৰ পৰাই হাঁহ বলি বিধানেৰে মাৰ চৰণত নৈবেদ্য আগবঢ়াই উপাসনা কৰা হয় ৷ সেইদৰে মহাষ্টমীৰ দিনা ঢাক বজোৱাৰ পৰিৱৰ্তে ঢোল-তাল বজাই মাক উপাসনাথলীলৈ আমন্ত্ৰণ জনোৱাৰ পৰম্পৰা চলি আহিছে ৷ এই পূজাস্থলীলৈ ধেমাজি জিলাৰ চিলাপথাৰ, জোনাই, গোগামুখৰ লগতে ঢকুৱাখনা, লখিমপুৰৰ পৰাও ভক্তৰ সমাগম ঘটে ৷

লগতে পঢ়ক: আধ্যাত্মিকতাক এতিয়াও ধৰি ৰাখিছে বকুলৰ দুৰ্গা পূজা কমিটীয়ে

এই শালক স্মৰণ কৰিলে কাৰাগাৰৰ পৰাও পাব মুক্তি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.