thumbnail

ড্ৰাগছৰ বিৰুদ্ধে দুলীয়াজান আৰক্ষীৰ অভিযান; আটক দুই সৰবৰাহকাৰী - Drugs Seized In Duliajan

By ETV Bharat Assamese Team

Published : Mar 26, 2024, 8:07 AM IST

ডিব্ৰুগড়, 26 মাৰ্চ : ডিব্ৰুগড় আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই থকাৰ পাচতো জিলাখনত ড্ৰাগছ সৰবৰাহ বন্ধ হোৱা নাই । জিলাখনৰ বিভিন্ন আৰক্ষী থানা এলেকাত প্ৰতিদিনে উদ্ধাৰ হৈ আছে ড্ৰাগছ ৷ আবিৰৰ ৰঙত ডুব গৈ থকাৰ সময়তে সোমবাৰে দুলীয়াজান আৰু নাওহলীয়া আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান চলায় ।

এই অভিযানত আৰক্ষীয়ে দুই ড্ৰাগছ সৰবৰাহকাৰীসহ নগদ ধন আৰু বিলাসী বাহন জব্দ কৰে । মধুটিং 7 নং নম্বৰ লাইনৰ পৰা আটক হোৱা দুই ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে সঞ্জু লিম্বু আৰু অৰব গগৈ বুলি সদৰী কৰিছে আৰক্ষীয়ে । তথ্য অনুসৰি, দুলীয়াজান আৰু নাওহলীয়া আৰক্ষীৰ যুটীয়া অভিযানত দুই ড্ৰাগছ বেপাৰীৰ পৰা 0.66 গ্ৰাম ড্ৰাগছ, নগদ 17,500 টকা আৰু এখন AS06AH 7229 নম্বৰৰ বিলাসী বাহন জব্দ কৰিবলৈ সক্ষম হৈছে ।

জানিব পৰা মতে, বাতৰি যুগুত কৰা সময়লৈকে ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰীক দুলীয়াজান আৰক্ষী থানাত মাৰাথন জেৰা অব‍্যাহত ৰাখিছে ।

লগতে পঢ়ক : নগাঁৱত কোটি টকা মূল্যৰ হেৰ’ইন জব্দ - Drugs seized in Nagaon

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.