কলগাছিয়াত ড্ৰাগছ সৰবৰাহকাৰীক ৰাইজে আটক কৰি গতালে আৰক্ষীক - Drugs smuggling in Barpeta
🎬 Watch Now: Feature Video


Published : Jan 28, 2024, 1:13 PM IST
জনীয়া, ২৮ জানুৱাৰী: কলগাছিয়াত ড্ৰাগছ ব্যৱসায়ীক আটক কৰিলে ৰাইজে । বিক্ৰিৰ বাবে অনা ভাং আৰু ড্ৰাগছ কন্টেইনাৰসহ পূব কলগাছিয়া চাৰিআলি চকত ৰাইজে হাতে লোটে ধৰা পেলাই নুৰুল ইছলাম নামৰ ড্ৰাগছ ব্যৱসায়ীটোক । নুৰুল ইছলামৰ লগতে বিলাত মণ্ডলৰ পুত্ৰ জাহিদুল ইছলামেও দীৰ্ঘদিন ধৰি অবৈধ ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল বুলি অভিযোগ উত্থাপিত হৈছে । আজি ৰাইজে AS 15W 5156 নম্বৰৰ বাহনসহ নুৰুল ইছলাম নামৰ ড্ৰাগছ ব্যৱসায়ীটোক আটক কৰি কলগাছিয়া থানাৰ আৰক্ষীক গতাই দিয়ে ।
কলগাছিয়া অঞ্চলত ড্ৰাগছে যুৱ প্ৰজন্মক ধ্বংস কৰিছে । লগতে এই ড্ৰাগছৰ বাবেই বৃহত্তৰ সঘনাই চুৰিকাণ্ডৰ দৰে ঘটনা সংঘটিত হৈ আহিছে বুলি ৰাইজে অভিযোগ উঠিছে । ৰাইজে ড্ৰাগছ ব্যৱসায়ীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে ।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী গ্ৰেপ্তাৰ, খৰ্গ উদ্ধাৰ