শিশু, যুৱতী, বোৱাৰী নিৰুদ্দেশ হোৱা সন্দৰ্ভত সৰৱ ডুমডুমা মহিলা সমিতি

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Mar 7, 2024, 2:12 PM IST

তিনিচুকীয়া,7 মাৰ্চ: তিনিচুকীয়া জিলাত একাংশ কিশোৰ-কিশোৰী, যুৱতী আনকি বোৱাৰী সন্ধানহীনৰ ঘটনা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে । এই সন্ধানহীনৰ ঘটনাৰ বিৰুদ্ধে সৰৱ হৈছে ডুমডুমা মহিলা সমিতি । উল্লেখযোগ্য যে, ২০২৩ বৰ্ষৰ দুৰ্গাপূজাৰ দশমীৰ দিনাৰ পৰা সন্ধানহীন হোৱা ডুমডুমাৰ সমীপৰ ৰূপাইৰ ৮ বছৰীয়া ৰশ্নি শ্বাহ নামৰ নাবালিকাগৰাকীৰ সন্ধান আজিলৈকে পোহৰলৈ অহা নাই । আনহাতে, ডুমডুমাৰ শংকৰদেৱ কলনীৰ তনুজা বেগম নামৰ এগৰাকীৰ প্ৰায় ২০ বছৰীয়া বোৱাৰীক কাম দিয়াৰ প্ৰলোভন দি দিল্লীলৈ এগৰাকী মহিলাই লৈ গৈছিল । কিন্তু, আজি পৰ্যন্ত তনুজা বেগমৰো কোনো সন্ধান নাই ।  

ইফালে, ডুমডুমাৰ সমীপৰ ৰূপাইৰ পূজা শৰ্মা নামৰ এগৰাকী ২০ বছৰীয়া যুৱতী বিগত কেইবামাহৰ পৰা সন্ধানহীন হৈ আছে । এই ঘটনাসমূহৰ সম্পৰ্কত ভূক্তভোগী পৰিয়ালে আৰক্ষী থানাৰ এজাহাৰ দাখিল কৰাৰ সমান্তৰালকৈ সময়ে সময়ে তদন্তৰ প্ৰক্ৰিয়াৰ সম্পৰ্কে জানিব বিচাৰি আৰক্ষী থানাত উপস্থিত হয় যদিও আজি পৰ্যন্ত কোনো উত্তৰ লাভ কৰা নাই । উল্লেখযোগ্য যে, ৰশ্নি শ্বাহৰ পৰিয়ালৰ লোকসকলে ডুমডুমাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হোৱাৰ দিনা লিখিতভাৱে আবেদন জনাইছিল । মুখ্যমন্ত্ৰীয়ে তদন্ত কৰাৰ আশ্বাস প্ৰদান কৰিছিল যদিও সেই আশ্বাস আশ্বাস হৈয়েই থাকিল । এই ঘটনাসমূহৰ ক্ষেত্ৰত ৰাজ্যৰ আৰক্ষী প্ৰশাসনে উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনায় ডুমডুমা মহিলা সমিতিয়ে । 

লগতে পঢ়ক: তিনিচুকীয়াত আৰক্ষীৰ এনকাউন্টাৰ; আহত অভিযুক্ত চোৰ মুন্না শ্বাহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.