চিকিৎসক স্বামীৰ বিৰুদ্ধে চিকিৎসক পত্নীক শাৰীৰিক-মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ - Allegation Of Harassment - ALLEGATION OF HARASSMENT
🎬 Watch Now: Feature Video
Published : Jun 3, 2024, 7:50 PM IST
গুৱাহাটী, 3 জুন : চিকিৎসক পত্নীক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ চিকিৎসক স্বামীৰ বিৰুদ্ধে ৷ চিকিৎসক ডাঃ মৃদুপৱন নাথৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নী মালবিকা বৰ্মনৰ ৷ ডিফু মেডিকেল কলেজৰ এনেস্থেচিয়া বিভাগৰ সহযোগী অধ্যাপক ডাঃ মৃদুপৱন নাথে প্ৰথমা পত্নীক বিবাহ বিচ্ছেদ নিদিয়াকৈয়ে আন এগৰাকী যুৱতীক বিবাহ কৰোৱাৰো অভিযোগ কৰিছে চিকিৎসক পত্নীয়ে ৷ লগতে চিকিৎসক পত্নীৰ অভিযোগ যে, চৰকাৰী চিকিৎসক হৈয়ো মহানগৰীৰ বহুকেইখন ব্যক্তিগত হাস্পতালৰ শ্বেয়াৰ হল্ডাৰ আৰু অন্য দায়িত্বত কাৰ্যনিৰ্বাহ কৰি আছে ডাঃ মৃদুপৱন নাথে ৷
এই সমূহ অভিযোগক লৈ ইতিমধ্যে পত্নীয়ে ডাঃ মৃদুপৱন নাথৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ভঙাগড় থানাত ৷ আনহাতে এই অভিযোগ নস্যাৎ কৰিছে ডাঃ মৃদুপৱন নাথে ৷ তেখেতৰ পত্নীয়ে অনা অভিযোগ সম্পূৰ্ণ মিছা বুলি মন্তব্য কৰিছে তেওঁ ৷ যিখিনি ভিডিঅ' তেখেতৰ পত্নীয়ে দিছে সেইখিনি ভিডিঅ’ শ্বুটৰ বাবে কৰা হৈছিল বুলি মন্তব্য কৰে মৃদুপৱন নাথে ৷ এই অভিযোগ সন্দৰ্ভত 2018 চনতো ভঙাগড় থানাত তেওঁৰ পত্নীয়ে গোচৰ ৰুজু কৰিছিল বুলি কয় ডাঃ নাথে ৷
লগতে পঢ়ক : টোলগেটত প্ৰচণ্ড মাৰপিটৰ ঘটনা, গাড়ীচালকক প্ৰহাৰ কৰ্মচাৰীৰ - Daboka Toll Plaza