দীপাৱলীৰ বজাৰত থলুৱা সামগ্ৰীৰ চাহিদা বৃদ্ধি - BAKSA DIWALI MARKET
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/30-10-2024/640-480-22792529-thumbnail-16x9-b-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Oct 30, 2024, 11:38 AM IST
বাক্সা: কাইলৈ পোহৰৰ উৎসৱ দীপাৱলী । পোহৰৰ উৎসৱ দীপাৱলীক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী ৷ এই উৎসৱক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা গৈছে উৎসাহ-উদ্দীপনা । ইতিমধ্যে ৰং-বিৰঙী আলোক, ফটকা, ফুলজাৰি আদিৰে ভৰি পৰিছে বজাৰ । দীপাৱলীৰ প্ৰাকক্ষণত বাক্সা জিলাৰ দোকান সমূহত গ্ৰাহকে কৰিছে ভিৰ ৷ বিশেষকৈ কাঁহ-পিতলৰ দোকান, মাটিৰ চাকি-ফটকাৰ দোকান সমূহত পুৱাৰে পৰাই ভিৰ হয় ৷
দীপাৱলীৰ কাৰণে বহুতেই কিনিলে মাটিৰ চাকি ৷ এইবাৰ থলুৱা সামগ্ৰীৰ চাহিদা বৃদ্ধি পাইছে । ইয়াৰ পূৰ্বে চীনৰ সামগ্ৰী বিচাৰি গ্ৰাহকে ভিৰ কৰিছিল যদিও এইবাৰ স্থানীয় মাটিৰ চাকি-ফটকাৰ চাহিদা বৃদ্ধি হোৱা বুলি মন্তব্য় কৰিলে স্থানীয় বিক্ৰেতাসকলে ৷ এইবাৰ বাক্সা জিলাৰ প্ৰায়বোৰ দোকানতে স্থানীয় সামগ্ৰীৰে ভৰি পৰিছে ।